ETV Bharat / state

পুঠিমাৰী নৈৰ খহনীয়াত বিপৰ্যস্ত নৈপৰীয়া কেইবাটাও পৰিয়াল

author img

By

Published : Jun 10, 2020, 1:30 PM IST

পুঠিমাৰী নৈৰ খহনীয়াই বিপৰ্যস্ত কৰিছে বাক্সা জিলাৰ তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বেটাগাঁৱৰ ৰাইজক ৷ শীঘ্ৰেই বেটাগাঁৱত মথাউৰি নিৰ্মাণৰ দাবী স্থানীয় লোকৰ লগতে নৈপৰীয়া ৰাইজৰ ৷

erosion problem in baksa
erosion problem in baksa

বাক্সা, 10 জুনঃ বাক্সা জিলাৰ তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বেটাগাঁৱত বিগত কিছুদিনৰ পৰা গৰাখহনীয়াই লৈছে ভয়ংকৰ ৰূপ ৷ যাৰ বাবে এতিয়া নৈপৰীয়া ৰাইজে কটাবলগীয়া হৈছে উজাগৰী নিশা ৷ ইতিমধ্যেই পুঠিমাৰী নৈৰ খহনীয়াত জাহ গৈছে কেবাটাও পৰিয়ালৰ মাটি-ভেটিৰ লগতে বিস্তৰ কৃষিভূমি ৷ নৈ পাৰৰ পৰা স্থানান্তৰ কৰিবলগীয়া হৈছে কেবাটাও পৰিয়ালক ৷

পুঠিমাৰী নৈৰ খহনীয়া
পুঠিমাৰী নৈৰ খহনীয়া

নৈপৰীয়া ৰাইজে দীৰ্ঘদিন ধৰি মথাউৰি নিৰ্মাণৰ বাবে বিভাগীয় কৰ্তৃপক্ষক আবেদন জনাই আহিছে যদিও, আজিলৈ বান ক্ষতিগ্ৰস্ত অঞ্চলটোত মথাউৰি নিৰ্মাণৰ কোনো ধৰণৰ কাম হাতত নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷ স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি জলসিঞ্চন বিভাগৰ চৰম অবহেলাৰ বাবেই তেওঁলোকে দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৷ বিগত বানতে বহু পৰিয়াল গৃহহাৰা হোৱাৰ পিচতো বিভাগটোৱে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই অঞ্চলটোত ৷ শীঘ্ৰেই বেটাগাঁৱত মথাউৰি নিৰ্মাণৰ দাবী জনাইছে নৈপৰীয়া ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে ৷

পুঠিমাৰী নৈৰ খহনীয়াত বিপৰ্যস্ত নৈপৰীয়া কেইবাটাও পৰিয়াল

লগতে পঢ়কঃ বনবিভাগৰ অনুমতি অবিহনে চৰকাৰী বিষয়াই কাটিলে গছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.