বাক্সা,20 মে’: ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত ৷ এইবাৰ বাক্সাৰ তামুলপুৰ গুৱাবাৰীৰ ১ নং ডোঙাৰগাঁৱত বন্যহস্তীয়ে চলালে ধ্বংসলীলা । বুধবাৰে নিশা খাদ্যৰ সন্ধানত ভূটান পাহাৰৰ পৰা নামি অহা বন্যহস্তীয়ে ১নং ডোঙাৰগাঁৱত ভাঙি লণ্ড-ভণ্ড কৰে কেইবাটাও বাসগৃহ ৷
উল্লেখ্য যে, বুধবাৰে নিশা অহা বৰষুণৰ মাজতে বন্যহস্তীৱে গাঁৱখনৰ কেইবাঘৰো লোকৰ বাসগৃহ ভঙাৰ লগতে ভঁৰালৰ ধান-চাউল খাই তহিলং কৰি ধ্বংস কৰে বাৰীৰ খেতি-বাতি ৷ হাতীৰ উপদ্ৰৱত এতিয়া আতংকিত হৈ পৰিছে অঞ্চলবাসী ৷ এইক্ষেত্ৰত চৰকাৰক নজৰ দিবলৈ আহ্বান অঞ্চলবাসীৰ ৷ উল্লেখ্য যে, অঞ্চলটো ভূটানৰ পাদদেশত অৱস্থিত হোৱা হেতুকে প্ৰায়ে বনৰীয়া হাতীয়ে তাত উপদ্ৰৱ চলায় ৷
লগতে পঢ়ক: দুৰ্বল ৰাজকোষ: মাইক্ৰ'ফাইনেঞ্চৰ ঋণ মাফ সম্ভৱ হ'বনে ?