ETV Bharat / state

বাক্সাৰ বগাজুলিত বনৰীয়া হাতীৰ জাকৰ বিচৰণ - অসম নিউজ

জাকটোত প্ৰায় 21টা হাতী থকা বুলি অনুমান কৰা হৈছে ৷ কুমাৰীকাটা বন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল গাঁৱখনত উপস্থিত হৈ হাতীৰ জাকটো নিৰীক্ষণ কৰি আছে যদিও নিশা স্থানীয় ৰাইজে হাতীৰ বাবে ভয়-শংকাত থাকিবলগীয়া হৈছে ৷ বন বিভাগৰ কৰ্মচাৰীয়ে হাতীৰ জাকটোৰ গতিবিধি লক্ষ্য কৰি জাকটো ভূটান পাহাৰৰ পিনে খেদিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷

বগাজুলিত বনৰীয়া হাতীৰ তাণ্ডৱ
author img

By

Published : May 9, 2019, 2:16 PM IST

বাক্সা, 9 মে': ভাৰত-ভূটান সীমান্তৰ জনাঞ্চলত এটা বনৰীয়া হাতীৰ জাকে বিচৰণ কৰি ফুৰাত শংকিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ বাক্সাৰ তামুলপুৰ মহকুমাৰ কুমাৰীকাটা ৰেঞ্জৰ ভাৰত-ভূটান সীমান্তৰ বগাজুলিত খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলৈ নামি অহা হাতীৰ জাকটোৱে বিগত কিছুদিন ধৰি বাহৰ পাতিছে ৷ বুধবাৰে নিশা হাতীৰ জাকটোয়ে পোৱালিসহ বগাজুলি বনাঞ্চলৰ পৰা আহি উত্তৰ কাৰখেলা গাঁৱত প্ৰৱেশ কৰি গোপী কাৰ্কী ,জিৎ বাহাদুৰ বুঢ়াথোকী, গংগাৰাম ভট্টৰায় নামৰ লোক কেইজনৰ বাৰীৰ নাৰিকল,তামোল গছ ভঙাৰ উপৰিও আনাৰস, মাকৈ খেতি তহিলং কৰে ৷

বগাজুলিত বনৰীয়া হাতীৰ তাণ্ডৱ

উল্লেখ্য যে জাকটোত প্ৰায় 21টা হাতী থকা বুলি অনুমান কৰা হৈছে ৷ বৃহস্পতিবাৰে পুৱাৰ ভাগত হাতীৰ জাকটোৱে বগাজুলিৰ ফালে উভতি নগৈ শান্তিপুৰ গাঁৱৰ বাহনি আৰু গমাৰি বাগানৰ মাজত বৰ্তমানেও বাহৰ পাতি আছে ৷ ফলত আতংকিত হৈ পৰিছে গাঁৱখনৰ ৰাইজ ৷ আনহাতে, কুমাৰীকাটা বন বিভাগৰ বিষয়া-কৰ্মচাৰীসকল গাঁৱখনত উপস্থিত হৈ হাতীৰ জাকটো নিৰীক্ষণ কৰি আছে যদিও নিশা স্থানীয় ৰাইজে হাতীৰ বাবে ভয়-শংকাত থাকিবলগীয়া হৈছে ৷ বন বিভাগৰ কৰ্মচাৰীয়ে হাতীৰ জাকটোৰ গতিবিধি লক্ষ্য কৰি জাকটো ভূটান পাহাৰৰ পিনে খেদিবলৈ চেষ্টা অব্যাহত ৰাখিছে ৷

Intro:ভাৰত ভূটান সীমান্তৰ জনাঞ্চলত বনৰীয়া হাতীৰ অৱস্থান ঃৰাইজ শংকিত ৷Body:বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কুমাৰীকাটা ৰেঞ্জৰ ভাৰত - ভূটান সীমান্তৰ বগাজুলিত আজি কিছুদিন ধৰি খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি আহি বাহৰ পাতি আছে এটি বনৰীয়া হাতীৰ জাক ৷ কালি নিশা হাতীৰ এই জাকটো পোৱালী সহ বগাজুলি বনাঞ্চলৰ পৰা আহি উত্তৰ কাৰখেলা গাওঁত প্ৰবেশ কৰি গোপী কাৰ্কী ,জিৎ বাহাদুৰ বুঢ়াথোকী , গংগাৰাম ভট্টৰায় নামৰ লোক কেইজনৰ বাৰীৰ নাৰিকল,তামোলৰ কেইবা দাল গছ ভাঙি আৰু আনাৰস, মাকৈ খেতি খাই তিহিলং কৰে ।Conclusion:আনহাতে আজি ৰাতিপুৱা বগাজুলিৰ ফালে উভতি নগৈ শান্তিপুৰ গাৱৰ বাহনি আৰু গমাৰি বাগানৰ মাজত বৰ্তমানেও বাহৰ পাতি আছে ৷ ফলত গাঁৱখনৰ ৰাইজ আতংকিত হৈ পৰিছি ৷ হাতীৰ জাকটোত প্ৰায় ২১টা হাতী আছে ৷ কুমাৰীকাটা বন বিভাগৰ বিষয়া কৰ্মচাৰী সকল গাঁৱ খনত গৈ হাতীৰ জাকটো নিৰীক্ষণ কৰি আছে যদিও নিশা স্থানীয় ৰাইজে হাতীৰ বাবে ভয় কৰি থাকিব লগা হৈছে ৷ বন বিভাগৰ কৰ্মচাৰীয়ে হাতীৰ জাকটোৰ গতিবিধি লক্ষ্য কৰি জাকটো ভূটান পাহাৰৰ পিনে খেদি পঠোৱাৰ চেষ্টা অব্যাহত ৰাখিছে ৷

ভাষ্য
বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.