ETV Bharat / state

খোৱাপানীৰ বাবে হাহাকাৰ বাক্সাৰ পাহাৰপুৰত

author img

By

Published : Nov 17, 2020, 3:36 PM IST

এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী পাহাৰপুৰত ৷ বছৰ বছৰ ধৰি অঞ্চলটোৰ ৰাইজে লেব্ৰা নদীৰ বুকুত গাত খান্দি তাৰ পৰা পানী সংগ্ৰহ কৰি আহিছে ৷

As_baksa_drinking_water_problem_vis_as10029
এটুপি খোৱাপানীৰ বাবে হাহাকাৰ বাক্সাৰ পাহাৰপুৰত

বৰমা,17 নৱেম্বৰঃ জনস্বাস্থ্য কাৰিকৰী বিভাগে ঢুকি নোপোৱা বাক্সাৰ এটা অঞ্চল। এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে হাহাকাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী এই অঞ্চলটোত ৷ আজিও নৈ-নিজৰাৰ পানী খাইয়ে জীৱন নিৰ্বাহ কৰিছে সহস্ৰাধিক ৰাইজে ৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দৰে বিয়াগোম বিভাগ এটা থকাৰ পিছতো বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ পাহাৰপুৰৰ ৰাইজে এনেদৰেই এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে কৰিবলগীয়া হৈছে হাহাকাৰ ৷ বছৰ বছৰ ধৰি অঞ্চলটোৰ ৰাইজে লেব্ৰা নদীৰ বুকুত গাত খান্দি তাৰ পৰা পানী সংগ্ৰহ কৰি আহিছে ৷

অঞ্চলটোৰ ৰাইজে জানিবলৈ দিয়া অনুসৰি এনদৰে দূষিত পানী সেৱনৰ ফলত বিভিন্ন সময়ত অঞ্চলটোৰ লোকসকলে বিভিন্ন ৰোগত আক্ৰান্ত হৈছে ৷ আনহতে, খৰালি কালত অঞ্চলটোত তীব্ৰ পানীৰ নাটনি হয় ৷ এইক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষক বিশুদ্ধ পানী যোগানৰ বাবে বহুবাৰ আবেদন কৰিও কোনো সুফল লাভ কৰা নাই ভুক্তভোগী ৰাইজে ৷ যাৰ পৰিপ্ৰেক্ষিততে এনেদৰে নদীত গাত খান্দিয়ে তৃষ্ণা পূৰ কৰিবলগীয়া হৈছে ৰাইজে ৷

লগতে পঢ়ক-সেনাৰ বেশত তহল দিবলৈ আহি আজাৰাত গ্ৰেপ্তাৰ ১১জন লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.