বাক্সা, 2 জুন : বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বৰখোপাত দেওবাৰে পুৱা উদ্ধাৰ কৰা হয় এগৰাকী প্ৰায় ৬০ ঊৰ্ধৰ ব্যক্তিৰ মৃতদেহ । শনিবাৰৰ পৰা তামুলপুৰ বৰখাটৰৰ ৰাজপথত অনাই-বনাই ঘূৰি ফুৰা লোকজনক আজি পুৱাৰ ভাগত বৰখাটা গাঁৱৰ কেইগৰাকীমান যুৱকে মুমূৰ্ষু অৱস্থাত পথৰ দাঁতিত প্ৰত্যক্ষ কৰে ব্যক্তিজনক । লগে লগে স্থানীয় যুৱককেইজনে তামুলপুৰ আৰক্ষী থানাত খবৰ দিয়াত তামুলপুৰ আৰক্ষীৰ এটি দলে স্থানীয় যুৱককেইজনৰ সহযোগত বৃদ্ধগৰাকীক উদ্ধাৰ কৰি তামুলপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰায় ৷ যদিও পাচত চিকিৎসকে বৃদ্ধগৰাকীক মৃত বুলি ঘোষণা কৰে ।
বৰ্তমানলৈকে মৃত লোকজনৰ পৰিচয় উদ্ধাৰ কৰিব পৰা হোৱা নাই । পিন্ধনত লুঙী আৰু বগা চাৰ্ট পৰিহিত ব্যক্তিগৰাকীক কোনো লোকে চিনি পালে তামুলপুৰ আৰক্ষী থানাত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে তামুলপুৰ আৰক্ষীয়ে ।