ETV Bharat / state

ভাৰতৰ ৰাজপথ মহিলাৰ বাবে সুৰক্ষিতঃ জ্যোতি ৰংগালা

author img

By

Published : May 18, 2019, 5:59 PM IST

চাইকেলেৰে ভাৰতবৰ্ষৰ 30 হাজাৰ পথ অতিক্ৰম কৰাৰ লক্ষ্যৰে অন্ধ্ৰ প্ৰদেশৰ পৰা অসমত আহি উপস্থিত হৈছে জ্যোতি ৰংগালা নামৰ উচ্চশিক্ষিত যুৱতীগৰাকী ৷

জ্যোতি ৰংগালা

বাক্সা, 18 মেঃ ভাৰতৰ ৰাজপথসমূহ মহিলাৰ বাবে সুৰক্ষিত ৷ এই বাৰ্তাৰে বিশ্ব অভিলেখ গঢ়াৰ লক্ষ্যৰে অন্ধ্ৰ প্ৰদেশৰ পৰা অসমত আহি উপস্থিত হৈছে এগৰাকী উচ্চ শিক্ষিত যুৱতী ৷

জ্যোতি ৰংগালা

অন্ধ্ৰ প্ৰদেশৰ পূৱ-গোদাবৰী জিলাৰ জ্যোতি ৰংগালা নামৰ 35 বছৰীয়া এম.বি.এ. ডিগ্ৰীধাৰী যুৱতীগৰাকী শনিবাৰে তামুলপুৰত উপস্থিত হয় ৷ ২০১৭ চনত নিজৰ যাত্ৰা আৰম্ভ কৰা সাহসী যুৱতীগৰাকীয়ে ইতিমধ্যে ১৭ খন জিলাৰ ১৪ হেজাৰ কি:মি: পথ অতিক্ৰম কৰিছে ৷ যুৱতীগৰাকীয়ে নিজৰ যাত্ৰাকালত বিভিন্নজনৰ পৰা লাভ কৰা সহায়-সহযোগিতাৰ লগতে বিটিচি অঞ্চলৰ জনজাতীয় লোকসকলৰ পৰা লাভ কৰা আতিথ্যৰ কথাও উল্লেখ কৰে ৷ নতুন দিল্লীৰ পৰা নিজৰ যাত্ৰা আৰম্ভ কৰা জ্যোতি ৰংগালাই তামুলপুৰত উপস্থিত হোৱাৰ লগে লগেই বিভিন্নজনে ফুলাম গামোচাৰে আদৰণি জনায় ৷

as_bak_cyceling_guiness_record_vis1_to_vis9_7203823

বিশ্ব অভিলেখ গঢ়াৰ উদ্দেশ্যৰে অন্ধ্ৰ যুৱতীৰ চাইকেল যাত্ৰা

ভাৰতৰ ৰাজ পথ সমুহত মহিলাৰ বাবে সুৰক্ষিত এই বাৰ্তা বিলোৱাৰ  লক্ষ্যৰ লগতে গ্ৰীনিজ বুকত নিজৰ নাম অন্তৰ ভূক্তিৰ বাবে দৈনিক ১০০ কি:মি চাইকেলেৰে পৰিভ্ৰৰণ কৰা এগৰাকী যুৱতী ৷ অন্ধ্ৰ প্ৰদেশৰ পূৱ-গোদাৱৰী জিলাৰ জ্যোতি ৰংগালা(35) নামৰ এম,বি,এ ডিগ্ৰীধাৰী যুৱতী গৰাকী আজি তামুলপুৰত উপস্থিত হয় ৷ ভাৰত বৰ্ষৰ ৩০ হেজাৰ পথ পৰিভ্ৰমন কৰাৰ লক্ষ্যৰে ইতিমধ্য ১৭ খন জিলাৰ ১৪ হেজাৰ কি:মি: পথ অতিক্ৰম কৰিছে ৷ ২০১৭ চনত নিজৰ যাত্ৰা আৰম্ভ কৰা সাহসী যুৱতী গৰাকীয়ে যাত্ৰা কালত বিভিন্ন জনৰ পৰা  সহায় সহযোগিতা পোৱাৰ লগতে বিভিন্ন জনৰ পৰা তেওৰ যাত্ৰাত বিপদ সংকুল বুলিও জনাইছিল ৷ অতিথি দেৱ ভৱ আদৰ্শত বিশ্বাস ৰাখি হাতত এপইচাও নোলোৱাকৈ নিজৰ লক্ষ্যত ওলায় অহা ইতিমধ্য যাত্ৰা কালত বিভিন্ন জনৰ আতিথ্যৰে কোনো ধৰনৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ  যাত্ৰা অব্যাহত ৰাখিছে ৷ যাতা কালত বিটিচি অঞ্চলত কেইবাটাও জনজাতীয় পৰিয়ালৰ আতিথ্যই তেওক মগ্ধ কৰা বুলিও জানিবলৈ দিয়ে ৷ তামুলপুৰত আজি জ্যোতি ৰংগালাক তামুলপুৰৰ বিভিন্ন দল সংগঠনে ফুলাম গামেচাৰে আদৰনি জনায় ৷

ভাষ্য

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.