ETV Bharat / state

মুৰে কপালে হাত দিবলগীয়া অৱস্থা কৃষকৰ

বালিতে ধান খেতি কৰিবলৈ বাধ্য কৃষক ৷ কৃষি বিভাগৰ নাই কোনো সহাঁৰি

author img

By

Published : Aug 1, 2019, 1:44 AM IST

মুৰে কপালে হাত দিবলগীয়া অৱস্থা কৃষকৰ

তামুলপুৰ, 1 আগষ্ট : বানৰ তাণ্ডৱৰ পাচত এতিয়া মুৰে কপালে হাত দিছে ৰাজ্যৰ কৃষকসকলে ৷ তামুলপুৰ মহকুমাৰ গোৰেশ্বৰৰ পশ্চিম নাওকটাত বালিতে ধান খেতি কৰিবলৈ বাধ্য হ'ল কৃষকে। শুক্লা নৈৰ গাতে লাগি থকা গাঁওখনৰ কৃষিভূমি সমুহ শেহতীয়া কৈ হৈ যোৱা বানত বিধস্ত হৈ পৰে। কৃষকসকলে ৰুই উঠা ধাননী পথাৰসমুহ শুক্লা নৈৰ বাঢ়নী পানীয়ে বুৰাই এফালৰ পৰা মহতিয়াই নিয়ে। বহু বিঘা মাটি নৈৰ বালিয়ে পুতি ওখ কৰি পেলায়। এতিয়া এই পশ্চিম নাওকটা গাঁৱৰ কৃষিভূমিত নাই শাওনৰ একাঠু বোকা । আছে মাথো ওখ বালিময় শুকান পথাৰ । বানে পুতি ধান খেতিৰ উপযুক্ত কৃষিভূমি সমুহ নষ্ট কৰাৰ ফলত উপায়ন্তৰ হৈ কৃষকে এই ওখ শুকান বালিময় মাটিতে ধান খেতি কৰি ভৱিষ্যতৰ বাবে পেটৰ ভাত মুঠি যোগাৰ কৰিব বিচাৰিছে । কৃষকৰ এই দুৰৱস্থাৰ সময়ত অসম চৰকাৰৰ কৃষি বিভাগৰ নাই কোনো সহাঁৰি।

Intro:তামুলপুৰৰ পশ্চিম নাওকটাত শুকান পথাৰতে ভূই ৰুলে কৃষকে।Body:তামুলপুৰ।
৩১/৭ /১৯.
তামুলপুৰ মহকুমাৰ গোৰেশ্বৰৰ পশ্চিম নাওকটাৰ কৃষকে শুকান পথাৰতে ধান খেতি কৰিবলৈ বাধ্য হল কৃষকে।শুক্লা নৈৰ গাতে লাগি থকা গাওখন ৰ কৃষিভূমি সমুহ শেহতীয়া কৈ হৈ যোৱা বানপানীত বিধস্ত হৈ পৰে।কৃষক সকলে ৰুই উঠা ধাননী পথাৰ সমুহ শুক্লা নৈৰ বাঢ়নী পানীয়ে বুৰাই এফালৰ পৰা মহতিয়াই নিয়ে।বহু বিঘা মাটি নৈৰ বালিয়ে পুতি ওখ কৰি পেলাই।এতিয়া এই পশ্চিম নাওকটা গাৱৰ কৃষিভূমি ত নাই শাওনৰ একাঠু বোকা।আছে মাথো ওখ বালিময় শুকান পথাৰ।বানপানী য়ে পুতি ধান খেতিৰ উপযুক্ত কৃষিভূমি সমুহ নষ্ট কৰাৰ ফলত উপায়ন্তৰ হৈ কৃষকে এই ওখ শুকান বালিময় মাটিতে ধান খেতি কৰি ভৱিষ্যতৰ বাবে পেটৰ ভাত মুঠি যোগাৰ কৰিব বিচাৰি ছে।
কৃষকৰ এই দুৰৱস্থাৰ সময়ত অসম চৰকাৰৰ কৃষি বিভাগৰ নাই কোনো সহাৰি।
বিভাগটোক কৃষক ৰাইজে এটি অকৰ্মণ্য বিভাগ বুলি কব খোজে।
তামুলপুৰৰ পৰা দ্বীপেন শৰ্মা ETV Bharat Assam.Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.