বাক্সা,13 এপ্ৰিল: দেশত বৃদ্ধি হৈছে কৰ'ণা আক্ৰান্তৰ সংখ্যা । মহামাৰীত আক্ৰান্ত মৃত্যুৰ সংখ্যাও প্ৰতিদিনে বাঢ়িছে । এইবাৰ কৰ'ণাত আক্ৰান্ত হৈ বহি ৰাজ্যত মৃত্যুক আঁকোৱলি ল'লে অসমৰ এজন যুৱকে । যুৱকগৰাকী বাক্সা জিলাৰ মুছলপুৰৰ সমীপৱৰ্তী লাফাকুছি গাঁৱৰ সুৰেন দাসৰ পুত্ৰ সত্যেন্দ্ৰ দাস ।
যুৱকজন দীৰ্ঘদিন ধৰি মহাৰাষ্ট্ৰৰ এটা কোম্পানীত কৰ্মৰত আছিল ৷ মহাৰাষ্ট্ৰৰ পৰাই ফোনযোগে যুৱকগৰাকীৰ মৃত্যুৰ খবৰ দিলে তেওঁৰ নিজ গাঁৱৰ সহকৰ্মী মিণ্টু দাসে ৷ খবৰ পোৱাৰ লগে লগে কন্দোনত ভাগি পৰে সত্যেন্দ্ৰৰ পৰিয়াল । সত্যেন্দ্ৰই নিজ পত্নী আৰু কণমানি কন্যাক এৰি থৈ যায় । পৰিয়ালৰ লোকক জনোৱা মতে সত্যেন্দ্ৰৰ মৃতদেহ মহাৰাষ্ট্ৰতে সৎকাৰ কৰা হৈছে ।
লগতে পঢ়ক: খেৰণিত ভয়ংকৰ পথ দুৰ্ঘটনা