ETV Bharat / state

ক’ৰণাৰ বাবে ক্ষতিগ্ৰস্ত হৈছে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰ

ক'ৰণাৰ দ্বিতীয়টো ঢৌৱে প্ৰভাৱ পেলাইছে ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন ক্ষেত্ৰত ৷ বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানতো কমিছে পৰ্যটকৰ সংখ্যা । যাৰ ফলত চিন্তিত হৈ পৰিছে জীপ ছাফাৰীৰ লগতে ৰিজৰ্টৰ লগত জড়িত ব্যৱসায়ী সকল ৷

impacted manas national park
ক’ৰণাই প্ৰভাৱিত কৰিছে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰ
author img

By

Published : Apr 25, 2021, 9:47 PM IST

বাক্সা,25 এপ্ৰিল : মহামাৰী ক'ৰণাৰ দ্ৰুত সংক্ৰমনে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰ সমূহতো প্ৰভাৱ পেলাইছে ৷ সম্প্ৰতি পৰ্যটন ক্ষেত্ৰ সমূহত ক্ৰমান্বয়ে কমিছে পৰ্যটকৰ সংখ্যা । বিগত বৰ্ষত লক ডাউনে পৰ্যটন ক্ষেত্ৰ সমূহৰ লগত জড়িত ব্যক্তি তথা ৰিজৰ্টৰ মালিক সকলক মাধমাৰ সোধোৱাৰ পিচতে পুনৰ ক’ভিডৰ দ্বিতীয় ঢৌৱে প্ৰভাৱ পেলাইছে তেওঁলোকৰ জীৱন-জীৱিকাত ৷

ইতিমধ্যে বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্ৰীয় উদ্যানতো কমিছে পৰ্যটকৰ সংখ্যা। ক'ৰণাৰ দ্বিতীয়টো ঢৌৱে প্ৰভাৱ পেলাইছে ৰাষ্ট্ৰীয় উদ্যানৰ পৰ্যটন ক্ষেত্ৰত ৷ যাৰ ফলত চিন্তিত হৈ পৰিছে জীপ ছাফাৰীৰ লগতে ৰিজৰ্টৰ লগত জড়িত ব্যৱসায়ী সকল ৷ কিয়নো পৰ্টকৰ আগমনৰ ওপৰত চলে এইসকলৰ জীৱন-জীৱিকা ৷ পিচে ক'ৰণাৰ বৰ্ধিত সংখ্যাই পৰ্যটকৰ সংখ্যা কমাই অনাত এতিয়া এই সকল লোকৰ জীৱন-জীৱিকালৈ নমাই আনিছে অমানিশা ৷ সম্প্ৰতি বহিঃৰাজ্যৰ পৰ্যটক সকলে বাতিল কৰিছে তেওঁলোকৰ যাত্ৰা ৷

ক’ৰণাই প্ৰভাৱিত কৰিছে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰ

ইপিনে মানাহস্থিত ফ্লৰিকেন কটেজৰ মালিক কৰ্তৃপক্ষৰ বুবুল নাথে জানিবলৈ দিয়া মতে, ক'ৰণাৰ দ্বিতীয় লহৰে বাৰুকৈয়ে প্ৰভাৱ পেলাইছে পৰ্যটন ক্ষেত্ৰখনত ৷ পৰ্যটকৰ সংখ্যা কমাৰ লগে লগে বিশেষকৈ জীপ ছাফাৰী, পৰ্যটক সকলৰ নিৰ্দেশক সকলৰ ওপৰতো প্ৰভাৱ পৰিছে ৷ অৱশ্যে যি দুই এটা দ’ল ৰাষ্ট্ৰীয় উদ্যানখনলৈ আহিছে সেইসকলকো ক'ৰণাৰ ৰেপিড টেষ্ট কৰিহে ভিতৰত প্ৰৱেশ কৰিবলৈ দিছে উদ্যান কৰ্তৃপক্ষই ৷

লগতে পঢ়কঃ ক'ভিডৰ নতুন এছ অ’ পিক লৈ অসন্তুষ্ট যাত্ৰী-বাছ মালিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.