ETV Bharat / state

বাক্সাত ক'লা বেজ পৰিধান কৰি বিক্ষোভ সাংবাদিকৰ - বাক্সাত বাতৰি সংগ্ৰহৰ সময়ত প্ৰহাৰ সাংবাদিকক

বাক্সাৰ বৰমাৰ দুগৰাকী মফচলীয় সাংবাদিকক বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাত নিৰাপত্তাৰক্ষীয়ে প্ৰহাৰ কৰা ঘটনাক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ সাংবাদিক মহলৰ লগতে ভিন্ন সংগঠনৰ ।

cops attacked reporter during collecting news in baksa

author img

By

Published : Apr 30, 2020, 8:33 PM IST

বাক্সা, 30 এপ্ৰিলঃ বাক্সাৰ বৰমা আৰু মুছলপুৰত সংঘটিত সাংবাদিক নিগ্ৰহৰ ঘটনা । লক্ ডাউনৰ মাজতে বাতৰি সংগ্ৰহ কৰি থকা বাক্সাৰ মফচলীয় সাংবাদিকক লাঠিৰে প্ৰহাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সাংবাদিক মহলত । দুটা ভিন্ন সংবাদ মাধ্যমত কৰ্মৰত বাক্সা জিলাৰ বৰমাৰ দুগৰাকী সাংবাদিকক, বিএছএফ জোৱানে আৰু জিলা সদৰ উপ আৰক্ষী অধীক্ষৰ সন্মুখত দেহৰক্ষীয়ে প্ৰহাৰ কৰা বুলি অভিযোগ উত্থাপিত হৈছে ।

ক'লা বেজ পৰিধান কৰি বিক্ষোভ সাংবাদিক মহলৰ

সাংবাদিক আক্ৰমণৰ এই ঘটনাক বাক্সা জিলা সাংবাদিক সন্থা, অসম বাৰ্তাজীৱী সংঘ বাক্সা জিলা সমিতি, জাৰ্নেলিষ্ট ইউনিয়ন বাক্সা জিলা সমিতি, বাক্সা জিলা গোৰ্খা ছাত্ৰ সন্থা আৰু বিভিন্ন দল সংগঠনে তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । বৃহস্পতিবাৰে বাক্সা জিলাৰ সাংবাদিকসকলে ক'লা বেজ পৰিধান কৰি, জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । স্মাৰক পত্ৰৰ জৰিয়তে সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰা আৰু সাংবাদিক আক্ৰমণৰ ঘটনাৰ লগত জড়িত আৰক্ষী প্ৰশাসনৰ লোকক চিনাক্ত কৰি শাস্তি দিবলৈ দাবী জনায় ।

লগতে পঢ়কঃ শুনিলেই নাক কোঁচ খাই আহিব আপোনাৰ, কেৱল গো-মূত্ৰ সেৱনেই নহয়..

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.