ETV Bharat / state

বিটিচি নিৰ্বাচনঃ বাক্সাৰ বিপিএফ প্ৰাৰ্থীক লৈ বিভ্ৰান্তি - বিটিচি পৰিষদীয় নিৰ্বাচন

বাক্সাৰ ২৩ নং বিটিচি দিহিৰা পৰিষদীয় সমষ্টিত বিপিএফৰ প্ৰতীক আৰু প্ৰাৰ্থীক লৈ বিভ্ৰান্তি ৷

বাক্সা
বিটিচি নিৰ্বাচন
author img

By

Published : Nov 3, 2020, 10:08 PM IST

বৰমা, 3 নবেম্বৰ : সমাগত বিটিচি পৰিষদীয় নিৰ্বাচন ৷ বিটিএডিৰ 23 নং দিহিৰা পৰিষদীয় সমষ্টিৰ বিপিএফৰ প্ৰাৰ্থী আৰু নিৰ্দলীয় প্ৰাৰ্থীক লৈ বিভ্ৰান্ত ৰাইজ৷ সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী মুনসিং ব্ৰহ্ম সম্প্ৰতি বিপিএফৰ সমৰ্থক ৷ কিন্তু দলে 23 নং ডিহিৰা মুকলি সমষ্টিত গোৰ্খা সম্প্ৰদায়ৰ প্ৰাৰ্থীক প্ৰক্ষেপ কৰাৰ লগে লগে প্ৰাক্তন বিপিএফৰ এমচিএলএ তথা বিপিএফ নেতা মুনসিং ব্ৰহ্মই দল ত্যাগ নকৰাকৈ নিৰ্দলীয় হৈ নামিছে নিৰ্বাচনত ৷ যাৰ কাৰণে সমষ্টিটোৰ অধিকাংশ বিপিএফ নেতাই নিৰ্বাচনী প্ৰচাৰত নামিছে নিৰ্দলীয় প্ৰাৰ্থী মুনসিং ব্ৰহ্মৰ হৈ ৷ মঙলবাৰে বিপিএফৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সম্পাদক পিতাম্বৰ পাঠকে সংবাদমেল যোগে স্বীকাৰ কৰিলে সেই কথা ৷

বাক্সাৰ বিপিএফ প্ৰাৰ্থীক লৈ বিভ্ৰান্তি

বিপিএফৰ প্ৰাৰ্থী ৰাজেশ বৰালক কাষত লৈ পিতাম্বৰ পাঠকে কয় যে, প্ৰাৰ্থী নিৰ্বাচনক লৈ দলটোৰ মাজত কিছু খেলিমেলি হ'লেও সমষ্টিটোৰ পৰা বিপিএফৰ প্ৰাৰ্থীগৰাকীয়ে বিজয়ী হ'ব ৷ বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰী সমষ্টিটো লৈ আহিলেই সকলো ঠিক হৈ যাব ৷ আনহাতে, নিৰ্বাচনৰ দিন ঘোষণা হ'লেই তেওঁ নিজে বিপিএফৰ প্ৰাৰ্থী গৰাকীৰ হৈ প্ৰচাৰ অভিযান চলাব বুলি মন্তব্য কৰে ৷

বাক্সা
বিটিচি নিৰ্বাচন

23 নং দিহিৰা পৰিষদীয় সমষ্টিটোৰ প্ৰাৰ্থী ৰাজেশ বৰালে সমষ্টিটোৰ পৰা তেওঁ বিজয়ী হোৱাটো নিশ্চিত বুলি দৃঢ়তাৰে প্ৰকাশ কৰি কয় যে ৰাইজে দল আৰু প্ৰাৰ্থীৰ গুণাগুণ চাইহে ভোট দিব ৷ গতিকে এইবাৰ বিপিএফৰ জয় নিশ্চিত ৷ আনহাতে, বিজেপি দলৰ ৰথী-মহাৰথীৰ আগমন সন্দৰ্ভত ৰাজেশ বৰালে কয় যে, বিজেপি এটা ৰাষ্ট্ৰীয় দল ৷ সেয়ে ৰাইজে বিটিচিত আঞ্চলিক দলক বিচাৰিব ৷

লগতে পঢ়ক : আমেৰিকাক অধিক বিভ্ৰান্ত কৰা হৈছে : প্ৰাক্তন ভাৰতীয় ৰাষ্ট্ৰদূত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.