বাক্সা,১২ মে': অসমীয়া জাতীয় জীৱনৰ মহান কাণ্ডাৰী, অসমীয়া সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়োৱা বিশিষ্ট সাহিত্যিক, সাংবাদিক, বুদ্ধিজীৱী, কবি, সমালোচক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা নিয়মীয়া বাৰ্তা কাকতৰ মুখ্য সম্পাদক হোমেন বৰগোহাঞিৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে বাক্সাৰ কেইবাটাও সাংবাদিক সন্থাই । বিশিষ্ট সাহিত্যিক গৰাকীৰ মৃত্যুত বাক্সা জিলা জাৰ্ণেলিষ্ট ইউনিয়নৰ সম্পাদক মনোহৰ ৰাজবংশীয়ে কয় যে, অসমীয়া সাহিত্যৰ নক্ষত্ৰস্বৰূপ বৰগোহাঞিৰ মৃত্যুত অসমৰ সাহিত্য জগত উকা হৈ পৰে ।
তেখেতৰ মৃত্যুৱে অসমৰ সংবাদগোষ্ঠীৰো এক অপূৰণীয় ক্ষতি বুলি অভিহিত কৰে । আনহাতে মুছলপুৰ প্ৰেছ ক্লাবৰ সভাপতি কাৰ্তিক দাসে বৰগোহাঞিৰ পৰিয়ালবৰ্গলৈ সমবেদনা জনায় ৷
লগতে পঢ়ক: ক’ভিড 19: ভাৰতৰ শেহতীয়া তথ্য