ETV Bharat / state

বৰমাত ৰঞ্জনা তালুকদাৰৰ শিশু গ্ৰন্থ উন্মোচন

author img

By

Published : Aug 10, 2020, 12:42 PM IST

বৰমা বি কে ভাণ্ডাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা ৰঞ্জনা তালুকদাৰৰ "শিয়ালৰ সাধু " নামৰ এখন শিশু উপযোগী গ্ৰন্থ উন্মোচন ৷

childrens-book-launced-at-barma
বৰমাত ৰঞ্জনা তালুকদাৰৰ শিশু গ্ৰন্থ উন্মোচন

বৰমা, ১০ আগষ্টঃ সাধুকথাৰ যোগেদি শিশুৰ সৃষ্টিশীল চিন্তা আৰম্ভ হয় আৰু ই বৌদ্ধিক দিশতো সহায় কৰে । বৰমা বি কে ভাণ্ডাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা ৰঞ্জনা তালুকদাৰে শিশু সকলৰ উপযোগী হোৱাকৈ "শিয়ালৰ সাধু " নামৰ এখন শিশু উপযোগী গ্ৰন্থ লিখি উলিয়াইছে ৷ শেহতীয়াকৈ বৰমাত উন্মোচন কৰা হয় এই বিশেষ শিশু গ্ৰন্থখন ৷ ৰঞ্জনা তালুকদাৰৰ "শিয়ালৰ সাধু " কিতাপ খনত থকা ৰঙীন ছবি সমূহে শিশু সকলক কিতাপখন পঢ়াৰ প্ৰতি আগ্ৰহী কৰি তুলিব ।

বৰমা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰৱক্তা দীলিপ কুমাৰ শৰ্মাই আঁত ধৰা আৰু বাগছা প্ৰেছ ক্লাৱৰ সভাপতি আলকাচ আলীয়ে বন্তি প্ৰজ্বলেনেৰে শুভাৰম্ভ কৰা উক্ত অনুষ্ঠানটিত উপস্থিত থাকে বৰমা মহাবিদ্যালয়ৰ উপাধ্যক্ষ ডিম্বেশ্বৰ ডেকা,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বৰমা আঞ্চলিক সমিতিৰ সম্পাদক ধীৰাজ বৰ্মন আৰু বৰমা মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ প্ৰৱক্তা সঞ্জয় বড়োই সাধু গ্ৰন্থ সম্পৰ্কে চমু ভাষণ ৰাখে । অনুষ্ঠানটোত উপস্থিত থাকে বৰমাৰ জ্যেষ্ঠ সমাজকৰ্মী খগেন দাস,সাংবাদিক দিলিপ বড়ো,সাংবাদিক অনুপম তালুকদাৰকে ধৰি কেইবা গৰাকী বিশিষ্ট ব্যক্তি। অনুষ্ঠানটোৰ শেষত শলাগৰ শৰাই আগবঢ়াই গ্ৰন্থখনৰ লেখক তথা বি. কে. ভাণ্ডাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা ৰঞ্জনা তালুকদাৰে ৷

লগতে পঢ়কঃনগাঁৱৰ মুক্তিযোদ্ধালৈ ৰাষ্ট্ৰপতিৰ বিশেষ সন্মান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.