ETV Bharat / state

বানাক্ৰান্তক বিনামূলীয়া ঔষধ আৰু চিকিৎসা সেৱা প্ৰদান

বানৰ কৱলত পৰিছে বাক্সা জিলাৰ বৰমা বিধান সভা সমষ্টিৰ অন্তৰ্গত জাৰতালুক আৰু গড়ভিতৰৰ বহু শতাধিক লোক । বানাক্ৰান্তসকলে খাদ্য,আশ্ৰয়ৰ সংকটত পৰাৰ লগতে বানাক্ৰান্তসকল আক্ৰান্ত হৈছে বহু বেমাৰৰ । বাক্সা জিলা স্বাস্থ্য বিভাগে জাৰতালুক আৰু গড়ভিতৰত বিনামূলীয়া ঔষধ আৰু চিকিৎসা সেৱাৰ ব্যৱস্থা কৰিছে ।

author img

By

Published : Jul 14, 2019, 2:12 PM IST

বানাক্ৰান্তক বিনামুলীয়া ঔষধ আৰু চিকিৎসাসেৱা প্ৰদান

চাপাগুৰি,১৪জুলাই : ৰাজ্যত অব্যাহত আছে বলীয়া বানৰ তাণ্ডৱ । নেৰা-নেপেৰা বৰষুণৰ বাবে ৰাজ্যত বিভিন্ন প্ৰান্তৰ লগতে বাক্সাতো সৃষ্টি হৈছে ভয়ংকৰ বান । বানৰ কৱলত পৰিছে বাক্সা জিলাৰ বৰমা বিধান সভা সমষ্টিৰ অন্তৰ্গত জাৰতালুক আৰু গড়ভিতৰৰ বহু শতাধিক লোক । বিগত চাৰিদিন ধৰি মৰাপাগলদিয়াই অঞ্চলটোত ভয়ংকৰ বানৰ পৰিস্থিতিৰ সৃষ্টি কৰাৰ লগতে বানাক্ৰান্তসকলে খাদ্য,আশ্ৰয়ৰ সংকটত পৰাৰ লগতে বানাক্ৰান্তসকল আক্ৰান্ত হৈছে বহু বেমাৰৰ । জ্বৰ, খজুৱতিৰ পৰা আৰম্ভ কৰি বহু বেমাৰত আক্ৰান্ত হৈছে বানাক্ৰান্তসকল । বানাক্ৰান্তসকলে এটুপি বিশুদ্ধ খোৱাপানীৰ পৰাও বঞ্চিত হ'বলগীয়া হৈছে ।

বানাক্ৰান্তক বিনামুলীয়া ঔষধ আৰু চিকিৎসাসেৱা প্ৰদান

উল্লেখ্য যে বৃহত্তৰ অঞ্চলটোৰ পৰিয়ালসমুহৰ ঘৰবাৰী পানীয়ে বুৰাই পেলোৱাৰ পিচত জাৰতালুকৰ এখন বিদ্যালয়ত আশ্ৰয় লৈছে বানাক্ৰান্তসকলে । অৱশ্যে বানাক্ৰান্তসকলক বাক্সা জিলা স্বাস্থ্য বিভাগে জাৰতালুক আৰু গড়ভিতৰত বিনামুলীয়া ঔষধ আৰু চিকিৎসাসেৱাৰ ব্যৱস্থা কৰিছে ।

Intro:বানপানীয়ে নহয় এইবাৰ জ্বৰ, খজুৱতিত আক্ৰান্ত হৈছে বানপীড়িত ৰাইজ ৷ বিগত চাৰিদিন ধৰি আশ্ৰয় শিৱিৰত থকা শতাধিক লোক এতিয়া আক্ৰান্ত হৈছে কাহ, চৰ্দিৰ লগতে খজুৱতি বেমাৰত ৷Body:ভূতৰ ওপৰত দানৱ পৰা দি বানপীড়িত লোকসকলক আগুৰি ধৰিছে এইবোৰ বেমাৰে ৷ এই দৃশ্য বাক্সা জিলাৰ বৰমা বিধান সভা সমষ্টিৰ অন্তৰ্গত জাৰতালুক আৰু গড়ভিতৰৰ ৷ বিগত চাৰিদিন পাগলাদিয়া নদীৰ বানত অনাহাৰে অনিদ্ৰাই আশ্ৰয় শিৱিৰত কটোৱাৰ পিচত এতিয়া আন এক সমস্যাৰ সম্মুখীন হৈছে বানপীড়িত ৰাইজ ৷ উল্লেখ্য যে বৃহত্তৰ অঞ্চলটোৰ পৰিয়ালসমুহৰ ঘৰবাৰী পানীয়ে বুৰাই পেলোৱাৰ পিচত জাৰতালুক এম ই স্কুলত আশ্ৰয় গ্ৰহন কৰি আছিল ৷ শেহতীয়াভাৱে অঞ্চলটোত কিছু পৰিমাণে পানী কম হৈছে যদিও বানপীড়িত লোকসকল চৰ্দি, কাহ, জ্বৰ আৰু খজুৱতি ৰোগত আক্ৰান্ত হৈছে ৷Conclusion:অৱশ্যে বাক্সা জিলা স্বাস্থ্য বিভাগে বানপীড়িত লোকসকলক চিকিৎসা কৰাৰ বাবে জাৰতালুক আৰু গড়ভিতৰত বিনামুলীয়া ঔষধ আৰু চিকিৎসাসেৱাৰ ব্যৱস্থা কৰে ৷
বাইট-
চাপাগুৰিৰ পৰা ৰিদিপ জ্যোতি দাস
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.