বাক্সা,1 ছেপ্টেম্বৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষিত নিৱনুৱা যুৱক-যুৱতীয়ে কৰ্মৰ সন্ধানত বহিঃৰাজ্যলৈ ঢাপলি মেলিছে অথবা চৰকাৰী চাকৰিৰ আশাত বহি আছে ,তেনে সময়ত ভাৰত-ভূটান সীমান্ত এলেকাৰ বাক্সা জিলাৰ নৱ দিহিৰাৰ এগৰাকী যুৱকে নিৱনুৱা সমাজলৈ কঢ়িয়াইছে বিশেষ বাৰ্তা ৷ যুৱকজনৰ নাম চবিত্ৰ কুমাৰ ব্ৰহ্ম ৷
নিজ গৃহতে গাহৰি পালনৰ কাম আৰম্ভ কৰি যথেষ্ট পৰিমাণে লাভ আৰ্জিবলৈ সক্ষম হৈছে নৱ দিহিৰাৰ উদ্যমী যুৱকজনে(Self reliant through Piggery) ৷ সমগ্ৰ এলেকাটোৰ সামাজিক কাৰ্যৰ লগত জড়িত যুৱকজনে নিজ গৃহৰ পিছফালৰ মাটি এডৰাত "Global PRC" নামেৰে গাহৰি পালনৰ পাম এখন ২০২০ বৰ্ষৰ ২০ ডিচেম্বৰত আৰম্ভ কৰিছিল ৷
তেজপুৰৰ মনোজ বসুমতাৰীৰ পৰা Hampshire, Yorkshire আৰু Duroc প্ৰজাতিৰ গাহৰি ক্ৰয় কৰি পালন কৰিবলৈ আৰম্ভ কৰিছিল চবিত্ৰ কুমাৰ ব্ৰহ্মই ৷ প্ৰথমাৱস্থাত গাহৰিৰ সংখ্যা কম আছিল যদিও পৰৱৰ্ত্তী পৰ্যায়ত ইয়াৰ সংখ্যা 200 লৈ বৃদ্ধি হয় বুলি জানিবলৈ দিয়ে ৷ পামখনত বৰ্তমান খাহী গাহৰি(Fattening), গাহৰিৰ পোৱালি (Piglets), মাইকী গাহৰি( Sow) আৰু মতা গাহৰি( Boar)কে ধৰি কেইবাপ্ৰকাৰৰ গাহৰি উপলব্ধ ৷
আন্ত:গাঁঠনিৰ কাম বৰ্তমানেও অব্যাহত থকা সত্ত্বেও পামখনৰ দ্বাৰা চবিত্ৰ কুমাৰ ব্ৰহ্মই বছৰি ৬ লাখ টকা আৰ্জিবলৈ সক্ষম হৈছে ৷ ব্ৰহ্মৰ ককায়েক প্ৰবীন চন্দ্ৰ বড়ো, বৌৱেক প্ৰণিতা বসুমতাৰী আৰু তেওঁৰ পত্নী ৰিমলা ব্ৰহ্মৰ সহযোগত গাহৰি পামখনে সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে বুলি ব্ৰহ্মই জানিবলৈ দিয়ে ৷
বিটিআৰৰ পিগ মিছন আঁচনিৰ(Pig Mission Scheme) অধীনত সাহাৰ্য লাভ কৰিবলৈ সক্ষম হ'লে গাহৰি পামখন আৰু অধিক বিস্তৃত ৰূপলৈ নিয়াৰ পৰিকল্পনা মনতে পুহি ৰাখিছে ব্ৰহ্মই । ব্ৰহ্মৰ পামৰ পৰা বাক্সা জিলাৰ বিভিন্ন স্থানলৈ পোৱালি গাহৰি প্ৰেৰণ কৰাৰ উপৰিও চিৰাং, কোকৰাঝাৰ, ওদালগুৰি আদি জিলালৈ প্ৰেৰণ কৰা হৈছে । সম্প্ৰতি চবিত্ৰ কুমাৰ ব্ৰহ্মই সমগ্ৰ এলেকাত এগৰাকী আদৰ্শ গাহৰি পালক হিচাপে পৰিগণিত হোৱাৰ সময়তেই তেওঁ নিবনুৱাসকলক চাকৰিৰ আশাত বহি নাথাকি এনেধৰণে স্বনিয়োজিত হ'বলৈ আহ্বান জনাইছে ।
গাহৰি পালনেৰে নিজৰ পৰিয়ালটোক আৰ্থিকভাৱে সকাহ দিবলৈ সক্ষম হোৱা ব্ৰহ্মই পৰৱৰ্তী সময়ত পামখনত বনুৱা নিয়োগ কৰাৰ বিষয়েও চিন্তা-চৰ্চা অব্যাহত ৰাখিছে ৷
ইতিমধ্যে ব্ৰহ্মই এটা খাহী গাহৰি ২০ হাজাৰ টকাত বিক্ৰী কৰাৰ বিপৰীতে প্ৰতিটো পোৱালি গাহৰিত ৫ হাজাৰৰ পৰা ৭ হাজাৰ টকা পৰ্যন্তত বৃদ্ধি কৰে । ব্ৰহ্মই খাহী গাহৰি (Fattening) ১০০ কিলোগ্ৰামৰ ওপৰৰ ওজনৰ সমূহ গাহৰি প্ৰতি কিলোগ্ৰামত ১৮০/-টকা বা ১৯০/-টকা দৰত বজাৰত বিক্ৰী কৰে বুলি জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: তেজপুৰৰ যুৱকে লিচু খেতিৰে দেখুৱাইছে স্বাৱলম্বিতাৰ নিদৰ্শন