বাক্সা , 14 জানুৱাৰী : অসমীয়াৰ বাপতিসাহোন ভোগালীৰ উৰুকাৰ নিশা মাছে-মঙহে এসাঁজ খাবলৈ বাক্সাৰ বজাৰত গ্ৰাহকৰ ভিৰ ৷ কোনোৱে যদি কিনিছে হাঁহ, কোনোৱে আকৌ কিনিছে প্ৰকাণ্ড ৰৌ,ভকুৱা,চিতল । মুঠৰ ওপৰত ভোগালীৰ ভোগৰ বজাৰত ব্যস্ত সকলো ৷ বাক্সাত বিটিচিৰ এগৰাকী এমচিএল এ ৰাইজক উৰুকাত বিতৰণ কৰিলে মাছ ৷ বাক্সাৰ ২৫ নং বাগানপাৰা পৰিষদ সমষ্টিৰ এম চি এল এ ফলিন্দ্ৰ বসুমতাৰীয়ে সমষ্টিটোৰ ৰাইজক উৰুকাত বিনামূলীয়াকৈ মাছ বিতৰণ কৰে ৷ স্থানীয় ভাৱে গৰীৱৰ বন্ধু হিচাপে পৰিচিত এই গৰাকী জনপ্ৰতিনিধিয়ে প্ৰতি বছৰে উৰুকাৰ দিনা এনেকৈয়ে গৰীৱ ৰাইজৰ মাজত বিতৰণ কৰি আহিছে মাছ ৷ ৰাইজেও প্ৰতিনিধিগৰাকীৰ এনে কাৰ্যক ভূয়সী প্ৰশংসা কৰে ৷
আৰু পঢ়ক : বৰমাত বিচিটিৰ প্ৰথমখন কৃষক সমাৰোহ