ETV Bharat / state

Pramod Boro : বিশ্বজিৎ দৈমাৰীৰ সৈতে ভাল সম্পৰ্ক আছে : প্ৰমোদ বড়ো

author img

By ETV Bharat Assamese Team

Published : Nov 8, 2023, 6:57 PM IST

হাগ্ৰামা মহিলাৰীয়ে দিল্লীত জেকেট কিনিবলৈ গৈছে বুলি মন্তব্য প্ৰমোদ বড়োৰ ৷ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ সৈতে ভাল সম্পৰ্ক আছে বুলিও মন্তব্য প্ৰকাশ কৰে প্ৰমোদ বড়োৱে ৷

BTC Chief Pramod Boro
বিটচি প্ৰধান নেতা প্ৰমোদ বড়ো
মুছলপুৰত বিটচি প্ৰধান প্ৰমোদ বড়ো

বাক্সা, 8 নৱেম্বৰ : "হাগ্ৰামা মহিলাৰী দিল্লীত আছে ৷ বহুত কাৰণত তেওঁ দিল্লীলৈ যাব পাৰে ৷ ঠাণ্ডা দিন আহিছে জেকেট কিনিবও যাব পাৰে ৷ ফুৰিবও যাব পাৰে, বেলেগ কামতো যাব পাৰে ৷" এই মন্তব্য বিটচি প্ৰধান তথা ইউপিপিএলৰ নেতা প্ৰমোদ বড়োৰ ৷ হাগ্ৰামা মহিলাৰীৰ দিল্লী ভ্ৰমণ সন্দৰ্ভত সাংবাদিকৰ আগত এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে নেতাজনে ৷

ইফালে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ সৈতে ভাল সম্পৰ্ক আছে বুলিও মন্তব্য প্ৰকাশ কৰে প্ৰমোদ বড়োৱে ৷ তেওঁ কয় যে, "কোনোবা এটা চেনেলে মিছাতে ফাঁট মেলা বুলি ক’লেই আমাৰ সম্পৰ্ক বেয়া হৈ নাযায় ৷ আজি পুৱাও বিশ্বজিৎ দৈমাৰীৰ সৈতে কথা পাতিছো ৷" লগতে সাংবাদিকে ইতিবাচক বাতৰি পৰিৱেশন কৰিব লাগে, সমাজক বিপথে পৰিচালিত কৰিব নালাগে বুলি কয় বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৷ তেওঁ অফিচত বহি থাকি মিডিয়াই চৰকাৰ ভঙাত অৰিহণা যোগোৱা বুলিও মন্তব্য কৰে ৷

উল্লেখ্য যে, বুধবাৰে বাক্সা জিলাৰ মুছলপুৰত জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয় উদ্বোধন কৰাৰ পিছতে সাংবাদিকে কৰা প্ৰশ্নত এনেদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷ আনহাতে আগন্তুক লোকসভা নিৰ্বাচনত বিটিচিৰ দুটা সমষ্টিৰ এটাত প্ৰতিদ্বন্দিতা আগবঢ়োৱাটো এশ শতাংশ নিশ্চিত বুলি উল্লেখ কৰি আনটোত 50 শতাংশ আগবঢ়া বুলি জানিবলৈ দিয়ে ৷

ইফালে হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফে মুখ্যমন্ত্ৰীৰ সেউজ সংকেত পালে পুনৰ শাসনত আহিব পাৰে নেকি বুলি সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে ৰাজনীতি মানে "Game of possibility" বুলি উল্লেখ কৰি বিগত দিনসমূহত বিপিএফৰ কাৰ্যকলাপ চাই জনসাধাৰণে বিপিএফক আদৰি নলয় বুলি সজোৰে দাবী উত্থাপন কৰে ৷ লগতে প্ৰমোদ বড়োৱে মুছলপুৰ অঞ্চলত আগন্তুক দিনত কৰিবলৈ আগবঢ়া উন্নয়নমূলক কামৰ কথাও সাংবাদিকৰ আগত জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : MLA Ramendra Narayan Kalita: অকলেই নিৰ্বাচনত অৱতীৰ্ণ হ'ব পৰাকৈ সামৰ্থ আছে অগপৰ: ৰমেন্দ্ৰ নাৰায়ণ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.