ETV Bharat / state

বিটিচিত আৰু বিপিএফৰ দাদাগিৰি নচলিব: প্ৰমোদ বড়ো - বিপিএফ

বাক্সাৰ 63 নং চাপাগুৰি সমষ্টিত বুধবাৰে ইউপিপিএল দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷ নিৰ্বাচনী প্ৰচাৰত বিপিএফক কঠোৰ সমালোচনা কৰে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে ৷

promod-boro
প্ৰমোদ বড়ো
author img

By

Published : Mar 10, 2021, 9:00 PM IST

বাক্সা,10 মাৰ্চ: ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ তীব্ৰতৰ হৈ উঠাৰ সময়তেই বুধবাৰে বাক্সাৰ 63 নং চাপাগুৰি বিধানসভা সমষ্টিত ইউপিপিএল দলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷ ককলাবাৰী ব্লক ইউপিপিএলৰ সভাপতি বিজু বৰকছাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত ভাগ লৈ চাপাগুৰি বিধানসভা সমষ্টিৰ বড়ো বজাৰ, ৰাবাং, জালাহ আদিকে কৰি সাতটা স্থানৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে ৷

সমষ্টিটোৰ শিলবাৰী বজাৰত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ পাচত সাংবাদিকক সাক্ষাৎ কৰে বড়োৱে ৷ সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত তেওঁ কয় যে, "যিয়ে নিকা ভাৱেৰে এখন চৰকাৰ গঠন কৰি সকলো জাতি-জনগোষ্ঠীক আঁকোৱালি লৈ শান্তি প্ৰতিষ্ঠাৰে আগবাঢ়ি যাব পাৰে, সেইখন চৰকাৰ আমি বিচাৰো । সেইখিনি ভাৱমূৰ্তিৰ কাম কৰি যাব পাৰে একমাত্ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰেহে" ।

প্ৰমোদ বড়ো

ইউপিপিএল বিজেপিৰ এক অংশীদাৰ বুলি উল্লেখ কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে পুনৰ কয় যে, "বিটিআৰত ইউপিপিএলে 9 খন আসনত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব । অতি সোনকালেই প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা হ’ব । চাপাগুৰি বিধানসভা সমষ্টিত এগৰাকী ভাল প্ৰাৰ্থী প্ৰক্ষেপ কৰা হ’ব" ৷

ইয়াৰোপৰি, বৰমা বিধানসভা সমষ্টিত সাংসদ নৱ কুমাৰ শৰণীয়াই নিৰ্দলীয়ভাৱে নিৰ্বাচন খেলিব বুলি মন্তব্য কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য বড়োৱে কয় যে, "বিগত দুমাহত বিটিচিত ইউপিপিএলে বহুকেইটা আঁচনি গ্ৰহণ কৰিছে । সম্প্ৰতি হাগ্ৰামা মহিলাৰীৰ কোনো বাস্তৱিকতা নাই । এতিয়া বিপিএফৰ সূতা-কম্বলৰ ৰাজনীতি নচলে" ।

লগতে পঢ়ক : ৰাইজক চি-ভিজিল এপ ব্যৱহাৰৰ আহ্বান বিশ্বনাথ জিলা প্ৰশাসনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.