ETV Bharat / state

BTC Accord Day: বাক্সাত ২১ সংখ্যক বিটিচি চুক্তি দিৱস পালন - BTC accord day observed at Baksha

বিটিচি চুক্তিৰ ২১ বছৰ সম্পূৰ্ণ । ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু বিএলটিপ মাজত স্বাক্ষৰিত চুক্তিয়ে আজি ২১ বছৰ সম্পূৰ্ণ কৰিলে । এই উপলক্ষে বাক্সা জিলাত বিপিএফে পালন কৰে বিটিচি চুক্তি দিৱস (BTC accord day observed at Baksha) ।

BTC
BTC
author img

By

Published : Feb 10, 2023, 4:27 PM IST

বাক্সাৰ অদালবাৰীৰ বিপিএফ কাৰ্যালয়ত বিটিচি চুক্তি দিৱস পালন

বাক্সা, ১০ ফেব্ৰুৱাৰী : বাক্সা জিলাৰ অদালবাৰীস্থিত বিপিএফৰ মুখ্য কাৰ্যালয়ত শুকুৰবাৰে পালন কৰা হয় ২১ সংখ্যক বিটিচি চুক্তি দিৱস (21st BTC accords day) । উল্লেখ্য, ২০০৩ চনৰ ১০ ফ্ৰেব্ৰুৱাৰীত কেন্দ্ৰীয় চৰকাৰ, অসম চৰকাৰ আৰু বিএলটিৰ মাজত হোৱা চুক্তিমৰ্মে বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিল (Bodoland Territorial Council) গঠন কৰা হৈছিল ৷ শুকুৰবাৰে বাক্সা জিলা বিপিএফ দলে অদালবাৰীত থকা মুখ্য কাৰ্য্যালয়ত ২১ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে (BTC accord day observed at Baksha) ৷

পুৱা জাতীয় পতাকা উত্তোলন কৰে বৰমা সমষ্টিৰ প্ৰাক্তন বিধায়ক মনেশ্বৰ ব্ৰহ্মই । আনহাতে, দলীয় পতাকা উত্তোলন কৰে প্ৰাক্তন বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে । শ্বহীদ তৰ্পণ কৰে ক্ৰমে প্ৰাক্তন ইএম অনচুমৈ খুংগুৰ বড়ো আৰু প্ৰাক্তন এমচিএলএ বনমালী বড়োৱে (BPF observed BTC accord day at Baksha) । লগতে বৃক্ষৰোপণ কাৰ্যসূচীতো সকলোৱে অংশগ্ৰহণ কৰে । কেইবাশ বিপিএফ নেতা-কৰ্মীৰ উপস্থিতিত উদযাপন কৰা হয় বিটিচি চুক্তি দিৱস ।

উল্লেখ্য, প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ চৰকাৰে বিটিচি চুক্তিৰ দিনটো পালন নকৰাৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দল বিপিএফে ৰাইজৰ সহযোগত কেন্দ্ৰীয়ভাৱে চিৰাং জিলাত পালন কৰিব বুলি মন্তব্য কৰে বিপিএফৰ প্ৰাক্তন ই এম অনচুমৈ খুংগুৰ বড়োৱে । আনহাতে, প্ৰাক্তন বিপিএফ দলৰ বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে কয় যে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত বিপিএফ দলে বিটিচি চুক্তিৰ দ্বাৰা বিটিচিত বহু উন্নয়নৰ কাম কৰিছিল ৷ বিটিচি উন্নয়নৰ ক্ষেত্ৰত বিপিএফ দলে বহু উন্নয়নমূলক আঁচনি গ্ৰহণ কৰি তাক কাৰ্যত ৰূপায়ণ কৰে ৷ বৰ্তমানৰ ইউপিপিএল চৰকাৰে চৰকাৰীভাৱে এই দিৱস পালন কৰিব লাগিছিল ৷ কিয়নো বিটিচি চুক্তিৰ দ্বাৰাহে এই অঞ্চলটোৱে উন্নয়নৰ মুখ দেখিবলৈ পালে ৷

এতিয়া বিটিআৰ গঠন কৰা প্ৰমোদ বড়ো চৰকাৰে বৰ্তমানো একো কৰিব নোৱাৰিলে ৷ বৰঞ্চ ভূমিহীন লোকক উচ্ছেদ অভিযান চলাই যি অৱস্থা কৰিলে, সেয়া সঁচাকৈয়ে নিন্দনীয় ৷ উচ্ছেদ কৰাৰ আগতে তেওঁলোকক কি ধৰণে বেৱস্থা কৰি দিব পাৰি সেই কথা চিন্তা কৰিব লাগিছিল বুলিও কয় প্ৰাক্তন বিধায়ক বসুমতাৰীয়ে । তেওঁ লগতে কয় যে ৰাইজে এতিয়া বিপিএফ দলৰ চৰকাৰকে পুনৰ বিচাৰিছে ৷

উল্লেখ্য, আজি কোকৰাঝাৰত কেন্দ্ৰীয়ভাৱে বিপিএফ দলে পালন কৰে বিটিচি চুক্তি দিৱস । উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে । উক্ত অনুষ্ঠানতে হাগ্ৰামা মহিলাৰীয়ে বিটিআৰ প্ৰধান প্ৰমোদ বড়োক ক্ষুৰধাৰ সমালোচনা কৰে ।

লগতে পঢ়ক :Teacher not available: এজনীয়া শিক্ষকৰ দ্বাৰা চলিছে অসমৰ ৩,৩৬১ খন বিদ্যালয়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.