ETV Bharat / state

বাক্সাত বিপিএফ দলৰ মহিলা গোটৰ বিশাল সভা

বাক্সা জিলাৰ ২২ নং কোকলাবাৰী পৰিষদীয় সমষ্টিত সোমবাৰে বিপিএফ দলৰ মহিলা গোটৰ এখন সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত মন্ত্ৰী চন্দন ব্ৰহ্মই উপস্থিত হৈ ভাষণ প্ৰদান কৰে ৷

author img

By

Published : Nov 2, 2020, 10:22 PM IST

bpf-women-mass-gadaring
বাক্সাত বিপিএফ দলৰ মহিলা গোটৰ বিশাল সভা

বৰমা, ২ নবেম্বৰ : বাক্সা জিলাৰ ২২ নং কোকলাবাৰী পৰিষদীয় সমষ্টিত সোমবাৰে বিপিএফ দলৰ মহিলা গোটৰ এখন সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত মন্ত্ৰী চন্দন ব্ৰহ্মই উপস্থিত হৈ ভাষণ প্ৰদান কৰে ৷ ভাষণ প্ৰসংগত ব্ৰহ্মই কয় যে, বিটিএডিত বিপিএফ দলেহে পৰিৱৰ্তন আনিছে ৷ প্ৰমোদ বড়োৱে অধিক গতিত গাড়ী চলাই আছে ৷ ইউপিপিএল দলে পৰিৱৰ্তনৰ নামত ৰাইজক আভুৱা ভাৰি আছে ৷

এটা সমষ্টিত জয়ী হোৱাৰ নিশ্চয়তা নোহোৱা প্ৰমোদ বড়োৱে দুটা সমষ্টিতো পৰাজয় বৰণ কৰিব বুলিও কয় চন্দন ব্ৰহ্মই ৷ পৰিৱৰ্তনৰ নামত দলৰ নামটোহে ইউপিপিএল দলে পৰিৱৰ্তন কৰি আছে ৷ এইবাৰ বিপিএফ দলৰ চৰকাৰ আহিলে মাটিৰ পট্টা নোহোৱা পৰিয়ালক মাটিৰ পট্টা বিতৰণ কৰিব বুলিও কয় ৷ সোমবাৰৰ সভাত ভাষণ প্ৰদান কৰে বিপিএফ মহিলা গোটৰ সভানেত্ৰী সুপ্ৰিয়া ৰাণী ব্ৰহ্ম, বিধায়ক থানেশ্বৰ বসুমতাৰীয়েও ৷

লগতে পঢ়ক: ক্ষেত্ৰীত স্থাপন হ'ব ভাৰত-ইজৰাইল প্ৰকল্পৰ বিশেষ কৃষি কেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.