বাক্সা, 21 ফেব্ৰুৱাৰীঃ সমাগত বিটিআৰ নিৰ্বাচন ৷ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত সকলো দল ৷ নতুন বড়ো চুক্তি স্বাক্ষৰৰ পিচত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বৃহস্পতিবাৰে নিশা বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নী চিউলী মহিলাৰীৰ বাহনত অচিনাকী দুৰ্বৃত্তই কৰা আক্ৰমণৰ তীব্ৰ প্ৰতিক্ৰিয়া ৷ এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শুকুৰবাৰে সংবাদমেল সম্বোধন বিপিএফ দলৰ ৷
এই সংবাদমেলত বিপিএফৰ যুৱ মৰ্চাৰ সভাপতি সোমনাথ বসুমতাৰীয়ে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে দোষীক কাৰায়ত্ত কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনায় । লগতে তামুলপুৰ জিলা বিপিএফৰ সভাপতি আদিত্য সিংহাই নিৰ্বাচনৰ প্ৰাকক্ষণত একাংশ দুৰ্বৃত্তই অৰাজকতা তথা অশান্তিৰ সৃষ্টি কৰাৰ চেষ্টা চলাইছে বুলি মন্তব্য প্ৰকাশ কৰে ৷ আনহাতে আগন্তুক নিৰ্বাচনত বিপিএফেই জয়লাভ কৰি হাগ্ৰামা মহিলাৰীয়েই মুখ্য কাৰ্যবাহী হ’ব বুলি আশাবাদী বিপিএফ নেতৃবৰ্গ ৷
আৰু পঢ়কঃবিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ পত্নীৰ গাড়ীত দুৰ্বৃত্তৰ আক্ৰমণ