বৰমা,20 মাৰ্চঃ আগন্তুক বিটিচি নিৰ্বাচনৰ বাবে ইতিমধ্যেই প্ৰচাৰ আৰম্ভ কৰিছে বিভিন্ন দল সংগঠনে ৷ শুকুৰবাৰে ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ বিপিএফ দলৰ মুখ্য কাৰ্যালয় উদ্বোধন কৰে ৬২ নং বৰমা বিধানসভা সমষ্টিৰ বিধায়ক মনেশ্বৰ ব্ৰহ্মই ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকি মনেশ্বৰ ব্ৰহ্মই কয় যে,ঐক্য শান্তি আৰু সম্প্ৰীতি বজাই ৰখাটোৱেই বিপিএফ দলৰ মূল উদ্দেশ্য ৷ পূৰ্বৰ তুলনাত বিটিএডিত বহুখিনি উন্নয়ন হোৱা বুলিও মন্তব্য কৰে বিধায়ক গৰাকীয়ে ৷
শুকুৰবাৰৰ এই অনুষ্ঠানত উপস্থিত থাকে চাপাগুৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক হিতেশ বসুমতাৰী, ট্ৰাইবেল সংঘৰ উপদেষ্টা থানেশ্বৰ বড়োৰ লগতে বিপিএফৰ কৰ্মকৰ্তাসকল ৷
লগতে চাওকঃ কামৰূপ জিলা ছাত্ৰ সন্থাৰ'কা' সন্দৰ্ভত এখন যৌথ সভা