ETV Bharat / state

বাক্সাত BPF ৰ সভাত দুই শতাধিক মহিলাৰ যোগদান - কুমাৰীকাটা

বাক্সা জিলাৰ কুমাৰীকাটাত বিপিএফ দলৰ এখন দলীয় সভা অনুষ্ঠিত হয় ৷ উক্ত সভাখনত প্ৰায় দুই শতাধিক মহিলাই যোগদান কৰে বিপিএফত ।

BPF MEETING AT BAKSHA DISTRICT
বাক্সাত BPFৰ সভাত দুই শতাধিক মহিলাৰ যোগদান
author img

By

Published : Aug 25, 2020, 10:50 PM IST

বাক্সা,25আগষ্টঃ মঙলবাৰে বাক্সা জিলাৰ কুমাৰীকাটাৰ চোচামাৰা আদৰ্শ বিদ্যালয়ৰ খেল পথাৰত বিপিএফ দলত মহিলা সকলৰ যোগদান সভা এখন অনুষ্ঠিত হয় । উক্ত সভাত তামুলপুৰ জিলা বিপিএফৰ সভাপতি কেশৱ ৰাজবংশী উপস্থিত থাকি কেইবাটাও বিস্ফোৰক মন্তব্য কৰে সভাপতি জনে ৷

বাক্সাত BPFৰ সভাত দুই শতাধিক মহিলাৰ যোগদান

তেওঁ কয় যে, পূৰ্বতে দেবেন বড়োৱে বিপিএফৰ কাৰ্যবাহী সদস্য হৈয়ো বিগত দিনত ৰাইজৰ বাবে একো কাম নকৰিলে । ইফালে দেবেন বড়োই বিজেপি যোগদান কৰাত তীব্ৰ কটাক্ষ কৰে তামুলপুৰ জিলা বিপিএফৰ সভাপতি কেশৱ ৰাজবংশীয়ে ৷ তেওঁ কয় যে, কেনেবাকৈ যদি দেবেন বড়ো বিজেপিৰ পৰা জয়ী হয়, তেতিয়া হ'লে অনাগত দিনত উন্নয়ণৰ কথাটো দূৰৰে কথা ৰাইজে তেওঁক লগেই নাপাব । লগতে তেওঁ কয় য়ে, বিজেপি এটা সাম্প্ৰদায়িক দল প্ৰতিটো সময়তে বিজেপি দলটোৱে হিন্দু মুছলমানৰ ৰাজনীতি কৰে । বিপিএফ দলে সাম্প্ৰদায়িক ৰাজনীতি নকৰে আৰু আকৌ এবাৰ বিপিএফ দলে বিটিচি দখল কৰিব বুলি মন্তব্য কৰে সভাপতিজনে । গতিকে সকলো ৰাইজকে নাঙলৰ চিহ্নত ভোট দিবলৈ আহ্বান জনায় ।

আনহাতে তেওঁ কয় যে, চৰকাৰে শেহতীয়াকৈ উন্মোচন কৰা অৰুণোদয় আঁচনিৰ জড়িয়তে ৮৩৩ টকা বিপিএফ দলেও সকলো বিটিচি বাসীকে দিব ৷ ইযাৰ বাবে কোনেও একো চিন্তা কৰিব নালাগে বুলি সদৰি কৰে সভাপতি গৰাকীয়ে ।

ইফালে ফকুৰিদ্দীন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত প্ৰায় দুই শতাধিক মহিলাই যোগদান কৰে । উক্ত সভাত উপস্থিত থাকে বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য বিজিৎ গৌৰা নাৰ্জাৰীৰ লগতে বহুতো দলৰ নেতা-কৰ্মী ।

লগতে পঢ়ক-অগপ সভাপতি অতুল বৰাৰ পদত্যাগৰ দাবী তৃণমূল কৰ্মীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.