বাক্সা, 12 ছেপ্তেম্বৰ: শুক্লাই-চেৰফাঙত বিপিএফৰ যোগদান সভাত মন্ত্ৰী ভৱেশ কলিতাক প্ৰত্যাহ্বান গণেশ কছাৰীৰ ৷ ‘বিপিএফ দলে প্ৰলোভনৰ ৰাজনীতি কৰা নাই মাত্ৰ উন্নয়নৰ হে ৰাজনীতি কৰিছে’ বুলি মন্তব্য গনেশ কছাৰীৰ । বিপিএফ দলৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে কেৱল শান্তি, প্ৰগতি আৰু উন্নয়ন । বেলেগ ৰাজনৈতিক দলৰ উন্নয়নৰ সদিচ্ছা নাই যদিও অপপ্ৰচাৰ চলোৱাত সিদ্ধহস্ত ৷ এই মন্তব্য বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা 29 নং শুক্লাই চেৰফাং পৰিষদীয় সমষ্টিৰ বিপিএফ প্ৰাৰ্থী গণেশ কছাৰীৰ ।
শনিবাৰে সমষ্টিটোৰ অন্তগর্ত ঔবাৰীস্থিত প্ৰাৰ্থীগৰাকীৰ নিজ বাসভৱনত অনুষ্ঠিত এক যোগদান কাৰ্যসূচীত এই মন্তব্য আগবঢ়ায় কছাৰীয়ে । বিপিএফ দল তথা হাগ্ৰামা মহিলাৰীৰ বলিষ্ঠ নেতৃত্বৰ বাবেই স্বাধীনোত্তৰ কালৰ পৰাই চৰকাৰৰ দৃষ্টিত অৱহেলিত হৈ থকা বিটিচি অঞ্চললৈ আজি চমকপ্ৰদ পৰিৱৰ্তন তথা উন্নয়ন অহা বুলি উল্লেখ কৰে ৷ ইপিনে তিনিটাকৈ কাৰ্যকাল তেওঁৰ দখলত থকা শুক্লাই-চেৰফাঙো এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় বুলি উল্লেখ কৰি সমষ্টিটোৰ ক্ষীপ্ৰ উন্নয়ন কেৱল ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী আৰু তেওঁৰ বাবেহে সম্ভৱ হোৱা বুলি কয় ।
এই ক্ষেত্ৰত আন কোনো ৰাজনৈতিক দলৰ অৰিহণা নাই বুলি উল্লেখ কৰি তেওঁৰ সমষ্টিক প্ৰতিনিধিত্ব কৰি অহা তথা বৰ্তমানো কৰি থকা 9 গৰাকীকৈ মন্ত্ৰী-সাংসদ, বিধায়ক উন্নয়নৰ ক্ষেত্ৰত সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি কটাক্ষ কৰি অসম চৰকাৰৰ জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাক আক্ৰমণেৰে থকা-সৰকা কৰে ।
তেওঁ মন্ত্ৰীগৰাকীক উন্নয়নৰ ক্ষেত্ৰত প্ৰত্যাহ্বান জনায় কয় যে, মন্ত্ৰীগৰাকীৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বহুকেইখন গাঁৱত তেওঁ বিগত সময়ছোৱাত কৰা কামৰ বাবে উন্নয়ন আহিছে যদিও মন্ত্ৰীগৰাকীৰ এই ক্ষেত্ৰত তিলমানো অৰিহণা নাই । বিগত সময়ছোৱাত বিপিএফ দলৰ নেতৃত্বত হোৱা উন্নয়নমূলক কাম-কাজক একাংশ দল তথা ব্যক্তিয়ে অপপ্ৰচাৰ চলাই কেন্দ্ৰীয় চৰকাৰৰ আচঁনি বুলি উল্লেখ কৰি অহাৰ ক্ষেত্ৰত বিজেপি কেতিয়া শাসনলৈ আহিছে বুলি প্ৰশ্ন উত্থাপন কৰে ।
![শুক্লাই-চেৰফাঙত বিপিএফৰ যোগদান সভা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/8775156_1062_8775156_1599911981510.png)
আনহাতে শুক্লাই চেৰফাং ব্লক বিপিএফৰ সাধাৰণ সম্পাদক দিগন্ত বেজবৰুৱাই আত ধৰা সভাত উপস্থিত থাকি বাগসা জিলা বিজেপি যুৱ-মৰ্চাৰ প্ৰাক্তন সভাপতি ৰামচৰণ ডেকাই বিজেপি দলক আক্ৰমণৰ লক্ষ্য কৰি কয় যে, বিজেপিত এতিয়া নিষ্ঠাবান কৰ্মীৰ গুৰুত্ব নাই, গুৰুত্ব আছে কেৱল অভিনয় কৰিব পৰা লোকৰ । তেওঁ বহু বছৰ নিষ্ঠাৰে সংঘ তথা দলৰ কাম হকে কৰি অহা সত্বেও ৰাজ্যিক নেতৃত্বই উপেক্ষিত কৰি অহাৰ ফলতে তেওঁ বিপিএফ দলত যোগদান কৰা বুলি উল্লেখ কৰি হাগ্ৰামা মহিলাৰীৰ সৰলতা তথা উন্নয়নৰ ধাৰাই তেওঁক দলটোৰ প্ৰতি আকৃষ্ট কৰা বুলি কয় ৷
ইপিনে পিপলছ জইন্ট একশ্বন কমিটি ফৰ বড়োলেণ্ড মুভমেণ্টৰ সাংগঠনিক সম্পাদক ৰমেশ স্বৰ্গীয়াৰীয়ে প্ৰমোদ বড়ো এণ্ড কোম্পানীয়ে বাস্তৱৰ লগত সম্পৰ্ক নথকা সপোন জনসাধাৰণক দেখুৱাই থকা বুলি উল্লেখ কৰি মাত্ৰ 30 শতাংশ বড়ো ভোটহে ইউপিপিএল দলে পাবলৈ সক্ষম বুলি মন্তব্য কৰে । সভাত বৰ্মণ-কছাৰী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক সঞ্জীৱ বৰ্মণে প্ৰমোদ বড়োক মিছলীয়া আখ্যা দি জনগোষ্ঠীটোৰ লোকে বিপিএফ দলক মুকলি সমৰ্থন দিয়া বুলি উল্লেখ কৰে ।
উক্ত সভাতে বাগসা জিলা বিজেপি যুৱ-মৰ্চাৰ নেতা তথা শুক্লাই-চেৰফাং সমষ্টিৰ সামাজিক মাধ্যমত বিশেষ ভূমিকা গ্ৰহণ কৰি অহা সমীণ কাকতিকে ধৰি গণ সুৰক্ষা পাৰ্টি, বিজেপি আদিকে ধৰি কেইবাটাও দল-সংগঠনৰ 69 গৰাকী লোকে বিপিএফৰ নীতি-আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ যোগদান কৰে । সভাত শুক্লাই-চেৰফাং বিপিএফৰ সভাপতি জিনাৰাম বড়ো, সমাজকৰ্মী বিপিন চন্দ্ৰ কেওঁট, হৰেন্দ্ৰ নাথ বেজবৰুৱা আদিকে ধৰি জিলা সমিতি, ব্লক সমিতি, এনডিএফবি আদিৰো বহু নেতা-কৰ্মী উপস্থিত থাকে ।
লগতে চাওক-বাক্সাত অব্যাহত আছে হাতী-মানুহৰ সংঘাত