ETV Bharat / state

বিটিএডিৰ স্বাৰ্থত সকলো জাতি জনগোষ্ঠীক একত্ৰিত হোৱাৰ আহ্বান প্ৰমিলা ৰাণী ব্ৰহ্মৰ - UG Brahma

বিটিএডিৰ বৃহত্তৰ স্বাৰ্থত সকলো বড়ো-অবড়ো দল-সংগঠনক একগোট হোৱাৰ আহ্বান বিপিএফ নেত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মৰ ৷ প্ৰয়োজন সাপেক্ষে ইউ পি পি এলৰ সৈতে মিত্ৰতাৰ স্বাৰ্থত ৰাজ্যসভাত দুখন আসন বিচৰাৰ কথা ব্যক্ত কৰে নেত্ৰীগৰাকীয়ে ৷

বিটিএডিৰ স্বাৰ্থত সকলো জাতি জনগোষ্ঠীক একত্ৰিত হোৱাৰ আহ্বান প্ৰমিলা ৰাণী ব্ৰহ্মৰ
author img

By

Published : Sep 14, 2019, 9:03 PM IST

বাক্সা, 14 চেপ্তেম্বৰঃ শনিবাৰে বিপিএফ দলৰ নেত্ৰী তথা অসম চৰকাৰৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই বাক্সাৰ বাগানপাৰাৰ এখনি ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে ৷ নেত্ৰীগৰাকীয়ে প্ৰয়োজন সাপেক্ষে ৰাজ্যসভাত দুখন আসন বিচৰাৰ কথা উল্লেখ কৰে ৷ আগন্তক বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ইউ পি পি এলৰ সৈতে মিত্ৰতাৰ খাতিৰত ৰাজ্যসভাৰ আসনখন ইউ জি ব্ৰহ্মক এৰি দিয়া সন্দৰ্ভত মন্ত্ৰী ব্ৰহ্মই কয় যে বৰ্তমানৰ ৰাজ্যসভাৰ বিপিএফ সাংসদ বিশ্বজিৎ দৈমাৰীক বঞ্চিত কৰি ইউ জি ব্ৰহ্মক আসনখন এৰি দিয়া সন্দৰ্ভত কোনো দলীয় সিদ্ধান্ত এই পৰ্যন্ত লোৱা হোৱা নাই ৷ তেওঁ লগতে কয় যে যদিহে প্ৰয়োজন হয় তেন্তে বিশ্বজিৎ দৈমাৰী আৰু ইউ জি ব্ৰহ্মৰ বাবে ৰাজ্যসভাত দুখনকৈ আসন বিচৰাৰ কথা উল্লেখ কৰে নেত্ৰীগৰাকীয়ে ৷ ইফালে হাগ্ৰামাৰ সভাত মষ্ট ৱান্টেড এন ডি এফ বি নেতা ডিন্থিলাঙৰ উপস্থিতি সন্দৰ্ভতো স্থিতি স্পষ্ট কৰে অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে ৷ বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীৰ স্থিতিক সমৰ্থন জনায় তেওঁ কয় যে সভালৈ এন ডি এফ বি নেতা ধীৰেণ বড়োকহে নিমন্ত্ৰণ জনোৱা হৈছিল ৷ কিন্তু তাত ধীৰেণ বড়োৰ সৈতেহে ডিন্থিলাঙ গৈছিল ৷ গতিকে ইয়াত হাগ্ৰামাৰ কোনো দোষ নাই বুলি মন্তব্য কৰে ৷ মন্ত্ৰীগৰাকীয়ে বিটিচি নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিপিএফ দলে ইউ পি পি এল,এবছু ,এন ডি এফ বিৰ সৈতে শান্তিৰ স্বাৰ্থত আলোচনা কৰা বুলি জানিবলৈ দিয়ে ৷

Intro:ৰাজ্যসভাত দুখন আসন বিচাৰিব বিপিএফ দলে ৷ বিশ্বজিৎ দৈমাৰী আৰু ইউ জি ব্ৰহ্মৰ বাবে বিচাৰিব ৰাজ্যসভাত দুখনকৈ আসন ৷Body:আজি বিপিএফ দলৰ নেত্ৰী তথা অসম চৰকাৰৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্মই বাক্সাৰ বাগানপাৰাত এই কথা জানিব দিয়ে ৷ বিটিচিৰ চীফ হাগ্ৰামা মহিলাৰীয়ে ইউ পি পি এলৰ সৈতে মিত্ৰতাৰ স্বাৰ্থত ৰাজ্যসভাৰ আসনখন ইউ জি ব্ৰহ্মক এৰি দিয়া সন্দৰ্ভত মন্ত্ৰী ব্ৰহ্মই কয় বিশ্বজিৎ দৈমাৰীক অসন্তুষ্ট কৰি ইউ জি ব্ৰহ্মক ৰাজ্যসভাৰ আসনখন দিয়া নহ'ব ৷ দিলেও বিশ্বজিৎ দৈমাৰীৰ সন্দৰেভত বিকল্প ব্যৱস্থা গ্ৰহন কৰা হব ৷ ইয়াৰ বাবে দৰকাৰ হ'লে ৰাজ্যসভাত দুখন আসন বিচাৰিব ৷
ইফালে হাগ্ৰামাৰ সভাত মষ্ট ৱান্টেড এন ডি এফ বি নেতা ডিন্থিলাঙৰ উপস্থিতি সন্দৰ্ভতো স্পষ্ট কৰে মন্ত্ৰী ব্ৰহ্মই ৷ তেওঁ কয় সভালৈ এন ডি এফ বি নেতা ধীৰেণ বড়োকহে নিমন্ত্ৰণ জনোৱা হৈছিল ৷ তাত ধীৰেণ বড়োৰ সৈতেহে ডিন্থিলাঙ গৈছে ৷ গতিকে ইয়াত হাগ্ৰামাৰ কি দোষ হ'ল ৷ মন্ত্ৰীগৰাকীয়ে বিটিচি নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিপিএফ দলে ইউ পি পি এল, এৱছু ,এন ডি এফ বিৰ সৈতে শান্তিৰ স্বাৰ্থত আলোচনা কৰা বুলি জানিব দিয়ে ৷ যাতে বিটিএডিত কোনো ভাতৃঘাতী সংঘৰ্ষৰ সৃষ্টি নহয় তাৰবাবে হাগ্ৰামা মহিলাৰীয়ে বিভিন্ন দল সংগঠনৰ সৈতে মিলিত হোৱা বুলিও মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷ বিপিএফ দলক অন্য কোনো ৰাজনৈতিক দলে নিশেষ কৰিব নোৱাৰে। বিটিচি নিৰ্বাচনত বিজেপিৰ সৈতে বিপিএফৰ মিত্ৰতা অতুত থাকিব।নৱকুমাৰ শৰণীয়া আৰু ব্ৰজেন মহন্তই ৰাইজৰ মাজত বিভেদ অনাৰ বাবে পাগ্লামী আৰম্ভ কৰিছে। বিটিচিত অসমীয়া ভাষা কোনেও নিশেষ কৰিব বিচৰা নাই এয়া ষড়যন্ত্ৰ চলোৱা হৈছে।Conclusion:উল্লেখ্য যে আজি বিটিচিৰ বাগানপাৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বাগানপাৰাত এখন কৰ্মী সভাত অংশগ্ৰহন কৰিছিল মন্ত্ৰীগৰাকীয়ে ৷

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.