বাক্সা, 2 এপ্ৰিল: বিপিএফ দলৰ দুৰ্গ ভাঙি আনুষ্ঠানিকভাৱে বিজেপি দলত যোগ দিলে ৫৮ নং তামুলপুৰ বিধানসভা সমষ্টিৰ বিপিএফ ৰ প্ৰাৰ্থী ৰংজা খুংগুৰ বসুমতাৰী ওৰফে ৰামদাস বসুমতাৰীয়ে । তামুলপুৰত হ’বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বিপিএফ দলৰ প্ৰাৰ্থী আছিল বসুমতাৰী । হাগ্ৰামা আৰু বিপিএফ দলৰ প্ৰতি অভিযোগ তুলি দলত্যাগ কৰেনৰংজা খুংগুৰ বসুমতাৰীয়ে ।
নিৰ্বাচনৰ প্ৰাকক্ষণত এনে নজৰবিহীন ঘটনাই এতিয়া ৰাজ্যজুৰি তীব্ৰ চৰ্চা দেখিবলৈ পোৱা গৈছে । তামুলপুৰৰ প্ৰাক্তন বিধায়ক ইমানুৱেল মুছাহাৰীৰ নেতৃত্বত বৃহস্পতিবাৰে তামুলপুৰত কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং কুনুৱাৰৰ উপস্থিতিত যোগদান কৰে বসুমতাৰীয়ে । সমষ্টিত বিপিএফ কৰ্মীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে । এদিন পূৰ্বে নাচ-গান কৰি থকা বিপিএফৰ বহু নিৰ্বাচনী কাৰ্যালয়তো দেখা গৈছে নিমাওমাত পৰিৱেশ ।
লগতে পঢ়ক: সোনাইৰ ধনেহৰীৰ ভোট কেন্দ্ৰত গুলীয়াগুলি