ETV Bharat / state

BTAD ত বি পি এফৰ কাম নাইঃ ফৌলা যে বৰ্গয়াৰী

ইউ পি পি এল দলৰ এই নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে শতাধিক ৰাইজে ৷ ইপিনে, বাক্সা জিলাৰ চৈবাৰী গাঁৱত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি বড়ো অভিনেতা ফৌলা যে বৰ্গয়াৰীয়ে কয় যে, বিটিএডিত ইউপিপিএল দলেই চৰকাৰ গঠন কৰিব ৷

author img

By

Published : Aug 13, 2020, 6:30 PM IST

BPF BECOMES VALUELESS IN BTAD SAYS BORGIYARI
BTAD ত বি পি এফ দলৰ কাম নাইঃফৌলা যে বৰ্গয়াৰী

বৰমা,13আগষ্টঃ কৰ'ণা মহামাৰীৰ আতংকৰ মাজতে এতিয়া নিৰ্বাচনী বতাহত মচগুল বি টি এডি ৷ তুংগত উঠিছে ৰাজনৈতিক দলসমূহৰ কুচকাৱাজ ৷ কোনে কিমান ভোট লাভ কৰিব পাৰে তাৰেই প্ৰতিযোগিতা চলিছে বিটিএডিত ৷

আজি ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী জগদীশ বসুমতাৰীয়ে নিৰ্বাচনী প্ৰচাৰ চলায় ৷ ইউ পি পি এল দলৰ এই নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে শতাধিক ৰাইজে ৷ ইপিনে, বাক্সা জিলাৰ চৈবাৰী গাঁৱত অনুষ্ঠিত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি বড়ো অভিনেতা ফৌলা যে বৰ্গয়াৰীয়ে কয় যে, বিটিএডিত ইউপিপিএল দলেই চৰকাৰ গঠন কৰিব ৷ বিটিএডিত বি পি এফ দলৰ কাম নাই বুলি মন্তব্য কৰি বিটিএডিৰ সকলো জনগোষ্ঠীয়ে এইবাৰ পৰিৱৰ্তনৰ স্বাৰ্থত ইউ পি পি এল দলক ভোট দি চৰকাৰ গঠন কৰিব বুলি কয় অভিনেতাগৰাকীয়ে ৷

ইয়াৰ উপৰি অভিনেতাগৰাকীয়ে সাংবাদিকৰ আগত কয় যে, বিটিএডিত হাগ্ৰামা মহিলাৰীৰ বিপিএফ দলে ১৭ বছৰ শাসনৰ গাদীত থাকি যিমান উন্নয়ন কৰিব লাগিছিল বিটিএডিত সিমান উন্নয়ন হোৱা নাই ৷

লগতে পঢ়কঃজুবিনক আক্ৰমণ : NSUI নেতাৰ বিৰুদ্ধে সন্দেহৰ আঙুলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.