ETV Bharat / state

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বাক্সাৰ কুমাৰীকাটাত ৰক্তদান শিবিৰ

author img

By

Published : Jun 21, 2020, 5:12 PM IST

নেচনেল মেডিকজ অৰ্গেনাইজেচনৰ উদ্যোগত আৰু সেৱা ভাৰতী পূৰ্বাঞ্চলৰ সহযোগত তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা শঙ্কৰদেৱ শিশু নিকেতনত আয়োজন কৰে "ৰক্তধাৰা-৩" নামৰ ৰক্তদান শিবিৰ ৷

Blood donation camp at Baksa in the international blood donation day
আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বাক্সাৰ কুমাৰীকাটাত ৰক্তদান শিবিৰ

বাক্সা,21 জুন: আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উপলক্ষে বাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ কুমাৰীকাটাত আয়োজন ৰক্তদান শিবিৰ ৷ নেচনেল মেডিকজ অৰ্গেনাইজেচনৰ উদ্যোগত আৰু সেৱা ভাৰতী পূৰ্বাঞ্চলৰ সহযোগত তামুলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটা শঙ্কৰদেৱ শিশু নিকেতনত আয়োজন কৰে "ৰক্তধাৰা-৩" নামৰ ৰক্তদান শিবিৰ ৷ উক্ত ৰাক্তদান শিবিৰৰ শুভাৰম্ভ কৰে অসমৰ মন্ত্ৰী ভৱেশ কলিতাই ৷ মন্ত্ৰী গৰাকীক সংগ দিয়ে বিটিচিৰ প্ৰাক্তন কাৰ্য্যবাহী তথা বৰ্তমানৰ ২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী দেবেন বড়োৱে ৷ ৰক্তদান শিবিৰৰ শুভাৰম্ভণি কৰি প্ৰতিটোপাল তেজৰ প্ৰয়োজনীয়তা আৰু গুৰুত্বতা সম্পৰ্কত চমু ভাষণ আগবঢ়াই মন্ত্ৰী গৰাকীয়ে ৷ উক্ত ৰক্তদান শিবিৰত উপস্থিত থাকি ৰক্তদান কৰে প্ৰায় ১০০ গৰাকী যুৱকে ৷

ইয়াৰ ওপৰিও বিগত বছৰত বিজেপি চৰকাৰখনে গ্ৰহণ কৰা বহু গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে উল্লেখ কৰে মন্ত্ৰী ভৱেশ কলিতাই ৷ লগতে অসমৰ মুখ্যমন্ত্ৰীয়ে সৰ্বানন্দ সোনোৱালে অসম খন দ্ৰুত গতিত উন্নয়ন কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ৷ আনহাতে ভাৰতীয় জনতা পাৰ্টীয়ে ১৭ জুন তাৰিখৰে পৰা জনসম্পৰ্কৰক্ষী অভিযান আৰম্ভ কৰিছে বুলি উল্লেখ কৰি প্ৰতিজন মন্ত্ৰী বিধায়কে প্ৰতিটো সমষ্টিত ৰাইজৰ খবৰ লৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী ভৱেশ কলিতাই ৷

লগতে পঢ়কঃ "এয়া বহুত কঠিন পৰিস্থিতি। আমি দুয়োখন দেশকে সহায় কৰাৰ বাবে চেষ্টা অব্যাহত ৰাখিছো"- ড'নাল্ড ট্ৰাম্প

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.