ETV Bharat / state

নিশা কেবৰ বিৰুদ্ধে গান্ধীবাৰী উপ আৰক্ষী চকীত উৰিল ক'লা পতাকা

author img

By

Published : Dec 11, 2019, 11:04 AM IST

মাজনিশা গোপনে অজ্ঞাত লোকে আৰক্ষী চকীত ক'লা পতাকা উৰুৱাই সাব্যস্ত কৰিলে জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ ৷

নিশা কেবৰ বিৰুদ্ধে গান্ধীবাৰী উপ আৰক্ষী চকীত উৰিল ক'লা পতাকা
নিশা কেবৰ বিৰুদ্ধে গান্ধীবাৰী উপ আৰক্ষী চকীত উৰিল ক'লা পতাকা

বাক্সা,10 ডিচেম্বৰ: ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে আন্দোলন তীব্ৰতৰ হোৱাৰ মাজতে বাক্সা জিলাৰ তামুলপুৰৰ গান্ধীবাৰী আৰক্ষী চকীত অজ্ঞাত প্ৰতিবাদকাৰীয়ে উৰুৱালে ক'লা পতাকা ৷ ঘটনা অনুসৰি বুধবাৰে নেছৰ 12 ঘন্টীয়া উত্তৰ-পূব বন্ধৰ সময়ছোৱাত বাক্সাত তীব্ৰ ৰূপ ধাৰণ কৰিছিল কেব বিৰোধী প্ৰতিবাদে ৷ তাৰ মাজতে মাজনিশা গোপনে ক্ষোভিত প্ৰতিবাদকাৰীয়ে গান্ধীবাৰী আৰক্ষী চকীৰ সন্মুখত সংস্থাপন কৰি যায় ক'লা পতাকাখন ৷ বুধবাৰে পুৱাৰ ভাগতহে আৰক্ষী চকীৰ লোকসকলে ক'লা পতাকাকখন উৰি থকা অৱস্থাত দেখা পায় ৷ ইফালে প্ৰতিবাদকাৰীসকলে আৰক্ষী চকীখনৰ ওপৰিও তাৰ আশে পাশে থকা চৰকাৰী কাৰ্যালয়ৰ চৌহদতো ক'লা পতাকা উৰুৱাই থৈ যোৱা দৃষ্টিগোচৰ হয় ৷ এই ঘটনাৰ পাছতেই বৰ্তমান অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ উল্লেখযোগ্য যে, বিজেপি চৰকাৰে অসমীয়া জাতিৰ ওপৰত বলপূৰ্বকভাৱে জাপি দিব খোজা জাতিধ্বংসী বিধেয়কখনক লৈ ৰাজ্যত আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিছে ৷ য'ত দেখা গৈছে শান্তি-শৃংখলা বজাই ৰখাৰ ক্ষেত্ৰত অসম আৰক্ষীৰ চৰম ব্যৰ্থতা ৷

অজ্ঞাত লোকে আৰক্ষী চকীত ক'লা পতাকা উৰুৱাই সাব্যস্ত কৰিলে জাতিধ্বংসী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ

আৰু পঢ়ক: কেব বিৰোধী প্ৰতিবাদৰ ক'লা ধোঁৱাই ছানিছে অসম

Intro:নাগৰিকত্ব সংশোধনী বিধেয়ক বিলখন বিৰোধীতাৰে প্ৰতিবাদকাৰীয়ে নিশা গান্ধীবাৰী আৰক্ষী চকীৰ সন্মুখত উৰুৱাই কলা পতাকা ৷

Body:ৰাজ্যত কেওফালে
নাগৰিকত্ব সংশোধনী আইন ২০১৬ বাতিলৰ জুইয়ে খেদি ৰাজ্য চৰকাৰখনক । চাৰিওফালে প্ৰতিবাদকাৰী সকলে কৰবাত যদি আৰক্ষী প্ৰশাসনৰ সৈতে খণ্ড যুদ্ধ অবতিৰ্ণ হৈছে আন কৰবাত আকৌ হাত কাটি জয় আই অসম লিখিছে তথাপি বিজেপি শাসকীয় চৰকাৰখনে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰা অটল স্থিতিত । আনহাতে প্ৰতিবাদকাৰী সকলৰ কেব আমি নামানো ,অসম চৰকাৰ হায় হায়,আহ ও আহ ,নৰেন্দ্ৰ মোদী হুচিয়াৰ,সৰ্বানন্দ সোনোৱালৰ কাম নাই, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, অতুল বৰা গ বেক, জয় আই অসম আদি ধ্বনিক আওকাণ কৰি আজি দিনৰ ২ বজাত ৰাজ্য সভাত উত্থাপন কৰিব জাতিধংসী বিধেয়কখন ।

তাৰেই খোভৰ উগিৰণত নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ প্ৰতিবাদকাৰী সকলে নিশা গান্ধীবাৰী উপ আৰক্ষী চকী আৰু আৰক্ষী চকীৰ খনৰ সমীপবৰ্তি চৰকাৰী কাৰ্য্যালয়ৰ চৌহদত অজ্ঞাত লোকে পতাকা উৰুৱাই এনেদৰে ক জাতীধ্বংসী বিধেয়ক CABৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। পিছত গান্ধীবাৰী আৰক্ষীয়ে কলা পতাকা সমূহ আতৰাই লৈ য়ায় ।
Conclusion:উল্লেখ্য যে ইয়াৰ পূৰ্বেও অজ্ঞাত প্ৰতিবাদকাৰীয়ে গান্ধীবাৰীৰ বিভিন্ন স্থানৰ গছত নৰেন্দ্ৰ মোদী, সৰ্বানন্দ সোনোৱাল, হিমন্ত বিশ্ব শৰ্মাৰ,অতুল বৰাৰ প্ৰতিমূৰ্তি ফাছি কাঠত ওলোমাই থয় যোৱাত আৰক্ষী প্ৰসাশনৰ মাজত হুৱাদুৱাৰ সৃষ্টি হৈছিল ।

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.