ETV Bharat / state

BTRত উন্নয়নৰ বাবে পদুম ফুলাটো নিশ্চিতঃআঙুৰলতা ডেকা - BTAD NEWS

বিটিআৰত চৰকাৰী আঁচনি হিতাধীকাৰীক দিয়াত বিপিএফ ব্যৰ্থ হৈছে বুলি অভিযোগ উত্থাপন কৰি বিটিআৰবাসীক ভাত পোনপটীয়াকৈ খোৱাৰ ব্যৱস্থা কৰাৰ প্ৰতিশ্ৰুতি বিধায়িকা আঙুৰলতা ডেকাৰ ৷ তদুপৰি বিটিআৰত ব্যাপক দুৰ্নীতি হোৱাৰ কথা অৱগত কৰি বিজেপি চৰকাৰ শাসনলৈ আহিলে দুৰ্নীতিৰ কেলেংকাৰীত জড়িত লোকক গ্ৰেপ্তাৰ কৰা হ'ব বুলি মন্তব্য কৰে বিধায়িকা গৰাকীয়ে ৷

BJP's ELECTION CAMPANING IN BAKSA
BTRত উন্নয়নৰ বাবে পদুম ফুলাটো নিশ্চিতঃআঙুৰলতা ডেকা
author img

By

Published : Nov 12, 2020, 10:08 PM IST

বৰমা,12 নৱেম্বৰঃ নৰেন্দ্ৰ মোডীৰ নেতৃত্বত সমগ্ৰ দেশত পদুম ফুলিছে, বিটিআৰতো উন্নয়নৰ বাবে পদুম ফুলাটো নিশ্চিত ৷ বৃহস্পতিবাৰে বাক্সাৰ দেৱচৰাৰ ৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিত বিজেপিৰ প্ৰাৰ্থী আৰতী বৰদলৈৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে বিধায়িকা আঙুৰলতা ডেকাই ৷ বিধায়িকা গৰাকীয়ে বিটিআৰত চৰকাৰী আঁচনিৰ সুবিধা হিতাধীকাৰীক দিয়াত বিপিএফ ব্যৰ্থ হৈছে বুলি অভিযোগ উত্থাপন কৰি বিটিআৰবাসীক ভাত পোনপটীয়াকৈ খোৱাৰ ব্যৱস্থা কৰিম বুলি ভাষণত উল্লেখ কৰে ৷ তদুপৰি বিটিআৰত ব্যাপক দুৰ্নীতি হোৱাৰ কথা অৱগত কৰি বিজেপি চৰকাৰ শাসনলৈ আহিলে দুৰ্নীতিৰ কেলেংকাৰীত জড়িত লোকক গ্ৰেপ্তাৰ কৰা হ'ব বুলি মন্তব্য কৰে বিধায়িকা আঙুৰলতা ডেকাই ৷

BTRত উন্নয়নৰ বাবে পদুম ফুলাটো নিশ্চিতঃআঙুৰলতা ডেকা

আনহাতে,এআইইউডিএফ প্ৰধান বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰৱ হৈ বিধায়িকাগৰাকীয়ে কয় যে,আজমলে ষড়যন্ত্ৰমূলক ভাৱে সাংস্কৃতিক ক্ষেত্ৰ,আধ্যাত্মিক ক্ষেত্ৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷ এইক্ষেত্ৰত অসমবাসী ৰাইজক মাত মাতিবলৈ অনুৰোধ জনায় বিধায়িকা আঙুৰলতা ডেকাই ৷ উল্লেখযোগ্য যে,বিধায়িকা আঙুৰলতা ডেকাৰ লগতে এই নিৰ্বাচনী সভাত উপস্থিত থাকে বিজেপি নেতা তথা অভিনেতা যতীন বৰা , বিজেপি নেত্ৰী ৰেখাৰানী দাস বড়োৰ লগতে বিজেপিৰ বহু শীৰ্ষ নেতা ৷

লগতে পঢ়কঃ উজনি আৰু উত্তৰ অসমৰ ৪৯ টা সমষ্টিলৈ বিজেপিৰ চকু কিয় ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.