ETV Bharat / state

বাক্সাত বিজেপিৰ বিশাল সভা - BJP Meeting at Baksa

বাক্সাৰ 26 নং দৰঙাজুলি পৰিষদীয় সমষ্টিত বিজেপিৰ বিশাল সভা । শ শ মহিলাৰ অংশগ্ৰহণ ।

বাক্সাত বিজেপিৰ বিশাল সভা
বাক্সাত বিজেপিৰ বিশাল সভা
author img

By

Published : Sep 20, 2020, 10:31 PM IST

বাক্সা, 20 ছেপ্তেম্বৰ : কৰ’ণা মহামাৰীৰ বাবে পুনৰ বাৰ বিটিচি নিৰ্বাচন পিছুৱাৰ সিদ্ধান্ত ৰাজ্য স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৷ জাৰি কৰিলে এক নিৰ্দেশনা । কিন্তু বিটিচিত বিভিন্ন ৰাজনৈতিক দল সমূহে পৰিষদীয় সমষ্টি সমূহত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে ।

বাক্সাত বিজেপিৰ বিশাল সভা
বাক্সাত বিজেপিৰ বিশাল সভা

ৰাজ্য স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কৰ’ণা মহামাৰী ৰোগ বৃদ্ধি হোৱা বাবে বিটিচি নিৰ্বাচন পিছুৱা নিৰ্দেশনা জাৰি সম্পৰ্কে সাংবাদিকে কৰা প্ৰশ্নত ৰাজ্যৰ জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাই কয় যে, এইখন নিৰ্বাচনী সভা নহয় ? কাৰ্যকৰ্তা সভাহে ৷ দলীয় কৰ্মকৰ্তা সকলক উৎসাহিত কৰাৰ উদ্দেশ্যে হে এই সভা পতা হৈছে আৰু ইয়াৰ দিনাংক পূৰ্বতেই নিৰ্ধাৰিত আছিল । লগতে মানুহ বেৰিকেট দিলেও ভাঙি আহে বুলি উল্লেখ কৰি ইয়াৰ একমাত্ৰ কাৰণ নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপিক ৰাইজে আকোঁৱালি লৈছে বুলি কয় মন্ত্ৰীগৰাকীয়ে । সেয়ে বিটিচিৰ ৰাইজে পৰিৱৰ্তন বিচাৰি লাখ-লাখ মানুহ বিজেপি দলৰ সমৰ্থনত আহিছে বুলি সদৰি কৰে ।

জলসিঞ্চন মন্ত্ৰী ভৱেশ কলিতাৰ প্ৰতিক্ৰিয়া

আনহাতে এই সভাত অংশ গ্ৰহণ কৰে স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰী, দৰঙাজুলি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী দেবেন বড়ো, নাগ্ৰীজুলি পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ধৰ্মনাৰায়ণ দাস, বাক্সা জিলা বিজেপিৰ সভাপতি ৰাম দাহাল, বাক্সা জিলা বিজেপিৰ সম্পাদক ৰাজেশ বড়ো, বাক্সা যুৱ মৰ্চাৰ বিজেপিৰ সভাপতি কৰণ চেত্ৰীৰ উপৰিও বিভিন্ন পৰ্যায়ৰ নেতাকৰ্মী আৰু পাঁচ সহস্ৰাধিক পুৰুষ মহিলাই অংশগ্ৰহণ কৰে ।

বাক্সাৰ 26 নং দৰঙাজুলি পৰিষদীয় সমষ্টিত বিজেপিৰ বিশাল সভা

লগতে চাওক-এক পইচাৰো উন্নয়ন হোৱা নাই ৰাজ্যপাল শাসনৰ সময়ছোৱাতঃ খাম্পা বৰগয়াৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.