বাক্সা, ১১ জুন : ‘‘বিগত আঠটা বছৰে প্ৰত্যেক হিতাধিকাৰীক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোডী চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰি অহা পৰিলক্ষিত হৈছে ৷ লগতে প্ৰশাসনিক ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰি আহিছে নৰেন্দ্ৰ মোডী চৰকাৰে ৷ আনকি কংগ্ৰেছ চৰকাৰে দমন কৰিব নোৱাৰা পাকিস্তানী সন্ত্ৰাসবাদীক নৰেন্দ্ৰ মোডীৰ নেতৃত্বাধীন চৰকাৰে বস কৰি দেখুৱালে’’ ৷ শনিবাৰে বাক্সাত আয়োজন কৰা এক সভাত এই মন্তব্য কৰে বিজনী সমষ্টিৰ বিধায়ক অজয় ৰয়ে ৷
উল্লেখ্য যে, শনিবাৰে বাক্সা জিলাৰ মুছলপুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰৰ অষ্টম বৰ্ষপুৰ্তি (8th anniversary of PM Narendra Modi ministerial) উপলক্ষে সেৱা, সুশাসন আৰু গৰীৱ কল্যাণৰ কাৰ্যক্ৰমৰ অংশস্বৰূপে আয়োজন কৰা হয় এই জনসভাৰ (BJP district level meeting in Baska)। সভাৰ সভাপতিত্ব কৰে জিলা বিজেপিৰ সভাপতি শৰৎ শৰ্মাই ৷
এই জনসভাত বিজনী সমষ্টিৰ বিধায়ক অজয় ৰায়, ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক তথা বাক্সা জিলাৰ প্ৰণালী প্ৰবীন বৈশ্য, ৰাজ্যিক কাৰ্যনিৰ্বাহক কুমুদ দাস আৰু ৰাম দাহাল, কাৰ্যবাহী সদস্য গৌতম দাস, বাক্সা জিলাৰ চাহ মৰ্চাৰ অধ্যক্ষ কষ্টেনটাইন তিৰ্কীকে ধৰি বহু ব্যক্তি উপস্থিত থাকে ।
লগতে পঢ়ক : ৬৫০ কিলো তেজপুৰৰ লিচু লণ্ডনলৈ