ETV Bharat / state

বহিঃৰাজ্যৰ কোপদৃষ্টিত অসমৰ বিহুৱান - undefined

বহিঃৰাজ্যৰ কম মূল্যৰ বিহুৱানে, অসমৰ চেনেহৰ বিহুৱানলৈ নমাই আনিছে সংকট

বহিঃৰাজ্যৰ কোপ দৃষ্টিত অসমৰ বিহুৱান
author img

By

Published : Apr 3, 2019, 7:56 PM IST

অসমী আইৰ বাপতিসাহোন ৰঙালী বিহু সমাগত ৷ ঢোল-পেঁপা, কুলি-কেতেকীৰ মাতে ৰজন জনাই উঠিব চৌদিশ ৷ গছে পাত সলাই ন ৰূপ ল'ব ৷ অতিকৈ আপোন মৰমৰ বিহুৱানখন বহাগ বিহুত সকলোৱে ডিঙিত ল'ব। এই চেনেহী বিহুৱানখনৰ ওপৰত একাংশ বহিৰাগত ব্যৱসায়ীৰ কোপ দৃষ্টি পৰিছে ৷ সংকটৰ গৰাহত চেনেহৰ বিহুৱানখনৰ লগতে বড়ো,ৰাভা জনগোষ্ঠীয় লোকসকলৰ আৰনাই আৰু পাজাৰত। বহিঃৰাজ্যৰ আমদানিকৃত কম মূল্যৰ বিহুৱান,আৰনাই আৰু পাজাৰৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ আৰু স্থায়ী দোকান সমূহ । জানিব পৰা মতে পশ্চিম বংগত উৎপাদিত বিহুৱান সমূহ 50 পৰা 60 টকাত পোৱা যায় আৰু অসমৰ থলুৱা বিহুৱান সমূহ 150 পৰা 300 টকাৰ ভিতৰত কিনিব লগা হয় ৷ ব্যৱসায়ীসকলে কোৱা মতে কম মূল্যত দল সংগঠন অথবা বিহু উৎযাপন সমিতিসমূহে বিচাৰে বিহুৱান ৷

বহিঃৰাজ্যৰ কোপ দৃষ্টিত অসমৰ বিহুৱান

আনহাতে সমাগত লোকসভা নিৰ্বাচনতো প্ৰাৰ্থীসকলৰ ডিঙি ভৰি পৰিব বহিৰাজ্যৰ কম মূল্যৰ বিহুৱান,আৰনাই আৰু পাজাৰৰে ৷ সুলভ মূল্যত পোৱা বহিঃৰাজ্যৰ বিহুৱানৰ বাবে অসমৰ থলুৱা বিহুৱানৰ বিক্ৰী দিনক দিনে হ্ৰাস পাবলৈ ধৰিছে । ৰাইজেইযদি নিজে এই ক্ষেত্ৰত সজাগ হৈ বহিঃৰাজ্যৰ বিহুৱান,আৰনাই আদি বৰ্জন নকৰে তেন্তে অচিৰেই ৰাজ্যৰ শিপিনী সকলৰ লগতে গামোচাৰ অস্তিত্বৰ প্ৰতিও ভাবুকি আহি পৰিব।

Intro:বহি ৰাজ্যৰ কম মূল্যৰ বিহুৱানে , অসমৰ চেনেহৰ বিহুৱানলৈ সংকটঃ নমাই আনিছে ।

Body:অসমী আইৰ বাপতি সাহোন ৰঙালী বিহু সামগত চৌদিশে ঢোল পেপাৰ মাতে ৰজন জনাই উঠিব চোতালত অথবা বিহু মঞ্চ । গছেও পাত সলাই ন ৰূপ লৱ ডেকা গাভৰুৰ গা মন ইছাতি বিছাতি কৰিব । অতিকৈ আপোন মৰমৰ বিহুৱান খন বহাগ বিহুত মুৰত মাৰি ডেকা ,বুঢ়া ,গাভৰুৰ পৰা কণমানিলৈকে সকলোৱে ডিঙিত আৰী লৱ । কিন্তু এই চেনেহী আইৰ বিহুৱানখনত একাংশ বহিৰাগত ব্যৱসায়ীৰ কোপ দৃষ্টি পৰিল এতিয়া। সংকটৰ গৰাহত চেনেহৰ বিহুৱান খনৰ লগতে বড়ো ,ৰাভা জনগোষ্ঠীয় লোকসকলৰ আৰনাই আৰু পাজাৰত । বহিৰাজ্যৰ আমদানিকৃত কম মূল্যৰ বিহুৱান,আৰনাই আৰু পাজাৰৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ কিম্বা স্থায়ী দোকান সমূহত । জানিব পৰা মতে পশ্চিম বংগত উৎপাদিত বিহুৱান সমূহ ৫০ পৰা ৬০ টকা পোৱা যায় আৰু অসমৰ থলুৱা বিহুৱান সমূহ ১৫০ পৰা ৩০০ টকাৰ ভিতৰত কিনিব লগা হয় সেয়ে কম মূল্যতে দল সংগঠন সমূহে বিছাৰি বুলি কয় এজন ব্যৱসায়িকে । আনহাতে ইপিনে সমাগত লোক সভা নিৰ্বাচনতো প্ৰাৰ্থী সকলৰ ডিঙি ভৰি পৰিব বহিৰাজ্যৰ কম মূল্যৰ বিহুৱান ,আৰনাই আৰু পাজাৰৰে ।

Conclusion:যাৰ ফলত অসমৰ থলুৱা বিহুৱানৰ বিক্ৰী দিনক দিনে হ্ৰাস পাবলৈ ধৰিছে । যদি ৰাজ্যৰ দল সংগঠন সমূহে বহিৰাজ্যত উৎপাদিত কম মূল্যৰ বিহুৱান সমূহক অসমত বিক্ৰী বন্ধ নকৰে । তেতিয়া হলে অচিৰেই ৰাজ্যৰ শিপিনী সকলৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰিব ।

ভাষ্য :

বাক্সাৰ পৰা অজিত ৰাভা
ইটিভি ভাৰত অসম

For All Latest Updates

TAGGED:

BIHUWAN
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.