ETV Bharat / state

কোকৰাঝাৰত আৰম্ভ বিহু নৃত্যৰ কৰ্মশালা - মাধুৰীমা চৌধুৰী

নিৰ্বাচনী বতৰতো কোকৰাঝাৰত আৰম্ভ হৈছে বিহু নৃত্যৰ কৰ্মশালা ৷ কোকৰাঝাৰ মণিকাঞ্চন মহিলা সমিতিয়ে আয়োজন কৰা বিহু নৃত্যৰ প্ৰশিক্ষণ দিছে মোহময়ী অভিনত্ৰী অসমৰ প্ৰথম গৰাকী বিহুৰাণী তথা ভাৰত চৰকাৰে প্ৰদান কৰা "ভাৰত গুৰু’ সন্মান প্ৰাপক মাধুৰীমা চৌধুৰীয়ে ৷

কোকৰাঝাৰত আৰম্ভ বিহু নৃত্যৰ কৰ্মশালা
কোকৰাঝাৰত আৰম্ভ বিহু নৃত্যৰ কৰ্মশালা
author img

By

Published : Mar 27, 2021, 5:23 PM IST

কোকৰাঝাৰ,27 মাৰ্চ: এফালে নিৰ্বাচন আনপিনে চেনেহৰ বহাগৰ আগজাননী ৷ নিৰ্বাচনৰ গৰম বতাহৰ মাজতেই কোকৰাঝাৰত আৰম্ভ হৈছে বিহু নৃত্যৰ কৰ্মশালা ৷ কোকৰাঝাৰ মণিকাঞ্চন মহিলা সমিতিয়ে আয়োজন কৰিছে বিহু নৃত্যৰ কৰ্মশালা ৷ এই বিহু নৃত্যৰ প্ৰশিক্ষণ দিছে মোহময়ী অভিনত্ৰী অসমৰ প্ৰথমগৰাকী বিহুৰাণী তথা ভাৰত চৰকাৰে প্ৰদান কৰা ’ভাৰত গুৰু’ সন্মান প্ৰাপক মাধুৰীমা চৌধুৰীয়ে ৷

কোকৰাঝাৰ চহৰৰ ৰাসমেলা খেলপথাৰত যোৱা ২২ মাৰ্চৰ পৰা ১০ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা এই বিহু নৃত্য কৰ্মশালাখনত শতাধিক নাচনীয়ে অংশগ্ৰহণ কৰিছে ৷ বড়ো, বঙালী, হিন্দীভাষীকে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ নাচনীয়ে অংশগ্ৰহণ কৰে ৷ এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰিবলৈ মহিলাসকলে পাছ পৰি থকা নাই ৷ প্ৰশিক্ষণ দিবলৈ অহা অভিনেত্ৰী মাধুৰীমা চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত কোকৰাঝাৰৰ নিচিনা ঠাইত মণিকাঞ্চন মহিলা সমিতিয়ে বিহু নৃত্যৰ কৰ্মশালাখন আয়োজন কৰাৰ বাবে ধন্যবাদ জনায় ৷

কোকৰাঝাৰত আৰম্ভ বিহু নৃত্যৰ কৰ্মশালা

লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ কণ কণ নাচনীৰ পৰা মহিলালৈকে সকলোৱে অংশগ্ৰহণ কৰাটো এটা শুভ লক্ষণ বুলি অভিহিত কৰে মাধুৰীমা চৌধুৰীয়ে ৷ কোকৰাঝাৰত প্ৰশিক্ষণ দিবলৈ আহি সঁচাকৈ আনন্দ উপভোগ কৰিছে বুলি মন্তব্য কৰে চৌধুৰীয়ে ৷

আনহাতে আয়োজক সমিতিৰ স্মৃতিময়ী শৰ্মা আৰু বিমলা ডেকাই সংবাদ মাধ্যমৰ আগত কয় যে নৱ প্ৰজন্মই বিহু নৃত্যৰ যাতে ভাল প্ৰশিক্ষণ ল'ব পাৰে তথা অসমৰ জাতীয় নৃত্য বিহু নৃত্যৰ প্ৰতি আগ্ৰহী হয় সেই উদ্দেশ্য আগত ৰাখিয়ে এই কৰ্মশালাৰ আয়োজন কৰা হৈছে ৷

লগতে পঢ়ক: চামগুৰিত কংগ্ৰেছ-বিজেপি কৰ্মীৰ মাজত সংঘাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.