ETV Bharat / state

ভূটানৰ এটা অক্সিজেন প্লাণ্টে কঢ়িয়াইছে আশাৰ বতৰা

author img

By

Published : Apr 25, 2021, 9:05 PM IST

Updated : Apr 26, 2021, 1:55 PM IST

দেওবাৰে ভূটানত বন্ধ হৈ থকা অক্সিজেন প্লান্ট পৰিদৰ্শন কৰে পীযুষ হাজৰিকা আৰু সাংসদ বিশ্বজিত দৈমাৰীয়ে ৷ 2020 বৰ্ষত কৰ'ণা মহামাৰীৰ প্ৰতিৰোধ কৰিবলৈ চৰকাৰে জাৰি কৰা লক ডাউনৰ বাবে বন্ধ হৈ আছিল অক্সিজেন প্লান্টটোৰ কাম ।

Bhutan oxygen plant Visit by Minister Pisush Hazarika And MCLA Biswajit Daimari
অক্সিজেনৰ নাটনিঃ ভূটানত উপস্থিত পীয়ুষ হাজৰিকা আৰু সাংসদ বিশ্বজিত দৈমাৰী

বাক্সা,25 এপ্ৰিল : সমগ্ৰ দেশৰ লগতে অসমো এতিয়া কৰ’ণাৰ কাল গ্ৰাসত ৷ মহামাৰী কৰ'ণাৰ ভয়াৱহ সংক্ৰমণৰ সময়ত দেশজুৰি অক্সিজেনৰ নাটনিৰ খবৰে জনসাধাৰণক উদ্বিগ্ন কৰি তুলিছে ৷ ইয়াৰ মাজতে সুখবৰ কঢ়িয়াই আনিছে ভূটানৰ এটা অক্সিজেন প্লান্টে ।

ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে দেওবাৰে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা আৰু ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ভাৰত-ভূটান সীমান্তৰ চানদ্ৰুপ জংখাৰত যোৱা বছৰ ক'ভিডৰ সময়ত আৰম্ভ কৰা অক্সিজেন প্লান্টাটো পৰিদৰ্শন কৰাৰ লগতে সমগ্ৰ বিষয়টো বুজ লয় পীযুষ হাজৰিকা আৰু বিশ্বজিৎ দৈমাৰীয়ে ।

ভূটানৰ এটা অক্সিজেন প্লাণ্টে কঢ়িয়াইছে আশাৰ বতৰা

উল্লেখযোগ্য যে, যোৱা বছৰ লকডাউনৰ বাবে এই অক্সিজেন প্লান্টটোৰ কাম বন্ধ হৈ আছিল । পীযুষ হাজৰিকা আৰু সাংসদ বিশ্বজিৎ দৈমাৰীয়ে জানিবলৈ দিয়া মতে এই অক্সিজেন প্লান্টটো সম্পূৰ্ণ হৈ উঠিবলৈ প্ৰায় ৪০ দিন সময় লাগিব । অক্সিজেন প্লান্টাটো সম্পূৰ্ণ হৈ উঠিলে প্ৰতিদিনে ৫০ মেট্ৰিক টন অক্সিজেন উৎপন্ন হ'ব ৷ এই অক্সিজেন প্লান্টটোত অক্সিজেন উৎপন্ন কৰিলে দেশত অক্সিজেনৰ অভাৱ বহুলাংশে লাঘব হ'ব বুলিও মন্তব্য কৰে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে।

লগতে পঢ়ক-ৰিতুল শইকীয়াৰ সন্ধান এতিয়াও পোৱা নাই

Last Updated : Apr 26, 2021, 1:55 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.