বাক্সা, 21 চেপ্তেম্বৰঃ যিসময়ত সমগ্ৰ পৃথিৱীতে প্লাষ্টিকে ভয়াৱহ ৰূপত প্ৰদূষণ নমাই আনিছে তাৰ বিপৰীতে বিশ্ব সম্প্ৰদায় সচেতন হোৱাৰ সলনি এতিয়াও বন্ধ কৰিব পৰা নাই প্লাষ্টিকৰ ব্যৱহাৰ ৷ প্ৰতিদিনে কেবালাখ টন প্লাষ্টিকৰ আৱৰ্জনাই ধৰালৈ নমাই আনিছে অশনি সংকেত ৷ কিন্তু প্লাষ্টিকৰ আতংকৰ মাজতে বাক্সাৰ একাংশ মহিলাই আনিছে আশাৰ বতৰা ৷

সম্পূৰ্ণ প্ৰাকৃতিক আৰু পৰম্পৰাগত এক পদ্ধতিৰ নতুন আৱিস্কাৰ ৷ যি প্ৰক্ৰিয়াই দিব পাৰে বিকল্পৰ সন্ধান ৷ প্লাষ্টিকৰ ব্যৱহাৰ দিনে দিনে বাঢ়ি যোৱাৰ ফলত প্ৰদূষণ ৰোধ কৰাত ব্যৰ্থ হৈছে পৃথিৱীবাসী ৷ বিপৰীতে প্লাষ্টিকৰ সলনি বাক্সাৰ এটা অঞ্চলত চলিছে বিকল্পৰ সন্ধান ৷ প্ৰাকৃতিকভাৱে সৃষ্ট সামগ্ৰী ব্যৱহাৰ কৰি প্ৰস্তুত কৰা হৈছে কলপাতৰ থাল আৰু বাটি আদি ৷ এক সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে বাক্সাৰ এইসকল মহিলাই ৷

বাক্সাৰ এইসকল মহিলাই বাৰীত পোৱা কলপাতৰ পৰা প্ৰস্তুত কৰিছে এনেধৰণৰ কলপাতৰ থাল আৰু বাটি। বাক্সা জিলাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে স্থানীয় লোক সকলৰ সহযোগত প্ৰদূষণ ৰোধ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰিছে এই পদক্ষেপ ৷ জিলাখনত বসবাস কৰা ৰাভা,বড়ো, হাজং, গোৰ্খা সকলে কলপাতৰ থাল,বাটি আদি বিভিন্ন উৎসৱ পাৰ্বনত ব্যৱহাৰ কৰি আহিছে পৰম্পৰাগক ভাৱে ৷ যাৰবাবে এই কলপাতৰ থাল,বাটি সমূহেও যথেষ্ট সমাদৰ লাভ কৰিছে অঞ্চলটোত ৷ বিশেষকৈ উৎসৱ পাৰ্বন আদিত ইয়াৰ ব্যৱহাৰে প্ৰদূষণ ৰোধ কৰাতো যথেষ্ট সহায় কৰিব পাৰে ৷ লগতে প্ৰাকৃতিকভাৱে তৈয়াৰ কৰা কলপাতৰ থাল,বাটি সমূহত খাদ্য গ্ৰহণ কৰিলে বিভিন্ন বেমাৰ আজাৰৰ পৰাও ৰক্ষা পাব পাৰি বুলি বিশ্বাস কৰি আহিছে ৷ সাধাৰণতে উৎসৱ পাৰ্বনত প্লাষ্টিকৰ থাল বাটি ব্যৱহাৰ কৰাৰ ফলত বৃহৎ দমৰ সৃষ্টি হোৱাৰ লগতে পৰিৱেশ প্ৰদূষিত হয় ৷ আনহাতে এই বৰ্জ সামগ্ৰী সমূহ সহজতে মাটিৰ লগত মিলি যাবলৈ বহু বছৰৰ প্ৰয়োজন ৷ এই ক্ষেত্ৰত কলপাতৰ পৰা প্ৰস্তুত কৰা এই থাল বাটি সমূহ সহজেই মাটিৰ লগত মিলি যায় ৷ সেয়ে বাক্সাৰ এই মহিলাসকলে প্ৰস্তুত কৰা কলপাতৰ থাল বাটিয়ে বজাৰৰ দখল কৰাৰো সম্ভাৱনা আছে ৷