বাক্সা, 4 ছেপ্টেম্বৰঃ ৰাজ্য চৰকাৰ তথা বিটিচি পৰিষদৰ উদ্যোগত বিটিএডি এলেকাত অবড়োৰ অধিকাৰ খৰ্ব কৰাৰ অভিযোগ ৷ শেহতীয়াকৈ ভাৰতীয় ডাক সেৱা বিভাগে গ্ৰামীণ ডাক সেৱকৰ বিভিন্ন পদ পূৰণৰ বাবে দিয়া বিজ্ঞাপনত বিটিএডি এলেকাৰ প্ৰাৰ্থীয়ে কেৱল বড়ো ভাষাতহে আবেদন কৰিব পাৰিব বুলি কোৱা হৈছে ৷ বিজ্ঞাপনটোত বিটিএডিত চৰকাৰী ভাষা হিচাপে ধাৰ্য কৰা হৈছে বড়ো ভাষাক ৷ ইয়াৰ প্ৰতিবাদত বুধবাৰে অবড়ো সুৰক্ষা সমিতিয়ে বাক্সাৰ ডুমুনীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ অবড়ো সুৰক্ষা সমিতিৰ সদস্যসকলে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ, বিটিচি চৰকাৰ আৰু ডাক বিভাগৰ উমৈহতীয়া প্ৰতিকৃতি দাহ কৰে ৷
অবড়ো ৰাইজক কৰা শোষণ বঞ্চনাৰ প্ৰতিবাদত অবড়ো সুৰক্ষা সমিতিৰ সদস্যসকলে অসম চৰকাৰ হায় হায়, বিটিচি চৰকাৰ হায় হায় , ভাষাৰ ক্ষেত্ৰত সম অধিকাৰ দিয়ক আদি শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইয়াৰ পাচত এক সংবাদ মেলত বিটিচিৰ দিহিৰা সমষ্টিৰ এম চি এল এ ঘনশ্যাম দাসে বিটিচি তথা ডাক বিভাগৰ এই বৈষম্যমূলক নিয়োগ নীতিৰ তীব্ৰ বিৰোধিতা কৰে ৷