ETV Bharat / state

ভূটানৰ টেংকাৰৰ খুন্দাত নিহত কুমাৰীকাটাৰ ছাত্ৰী - kumarikata road acccident

বাক্সাৰ কুমাৰীকাটাত ভূটানৰ তেলৰ টেংকাৰৰ খুন্দাত নিহত হৈছিল কুমাৰীকাটা ডনবস্ক'ৰ এগৰাকী ছাত্ৰীৰ ৷ ছাত্ৰী গৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰি শনিবাৰে অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

বাক্সা
বাক্সাৰ কুমাৰীকাটাৰ দুৰ্ঘটনাত নিহত ছাত্ৰীক কেন্দ্ৰকৰি উত্তপ্ত পৰিস্থিতি
author img

By

Published : Mar 14, 2020, 4:52 PM IST

Updated : Mar 14, 2020, 5:23 PM IST

বাক্সা, 14 মাৰ্চঃ বাক্সাৰ কুমাৰীকাটাত সংঘটিত দুৰ্ঘটনাক কেন্দ্ৰ কৰি পথ অৱৰোধ কৰে কেবাখনো বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে ৷ ৰঙিয়া-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ কুমাৰীকাটাত ভূটানৰ টেংকাৰে মহতিয়াই নিয়ে কুমাৰীকাটা ডনবস্কৰ এগৰাকী ছাত্ৰী ৷ যাৰ ফলত থিতাতে নিহত হয় কৃতি প্ৰধান নামৰ ছাত্ৰীগৰাকী ৷ ছাত্ৰীগৰাকী বিদ্যালয়লৈ আহি থকা অৱস্থাত ভূটানৰ পৰা অহা BP-4-BA-0548 নম্বৰৰ তেলৰ টেংকাৰেখনে খুন্দা মাৰে ৷

বাক্সাৰ কুমাৰীকাটাৰ দুৰ্ঘটনাত নিহত ছাত্ৰীক কেন্দ্ৰকৰি উত্তপ্ত পৰিস্থিতি

আনহাতে, ছাত্ৰী গৰাকীৰ মৃত্যুক কেন্দ্ৰ কৰিয়েই অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে শনিবাৰে পথ অৱৰোধ কৰে ৷ প্ৰায় তিনি ঘন্টা ধৰি পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ ফলত অঞ্চলটোত জনজীৱন স্তব্ধ হৈ পৰে ৷

আৰু পঢ়কঃ 85 লৈ বৃদ্ধি ভাৰতত কৰ’ণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা

শেষত উত্তেজিত ছাত্ৰ-ছাত্ৰী সকলক স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰী, তামুলপুৰ মহকুমাধিপতি, অতিৰিক্ত আৰক্ষী অধীক্ষক, মহকুমা আৰক্ষী বিষয়া, তামুলপুৰ আৰক্ষী বিষয়াই উপস্থিত হৈ বিদ্যালয়ৰ সন্মুখত স্পীড বেকাৰ নিৰ্মাণ আৰু ছাত্ৰী গৰাকীৰ পৰিয়ালক আৰ্থিক সাহাৰ্য প্ৰদান কৰিব বুলি ঘোষণা কৰাৰ পিছতে শান্ত হয় প্ৰতিবাদ ৷

আৰু পঢ়কঃ কৰ'ণাভাইৰাছ আতংক : অসমৰ তিনি আন্তৰ্জাতিক সীমান্তত নিষেধাজ্ঞা

Last Updated : Mar 14, 2020, 5:23 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.