ETV Bharat / state

পথৰ দাঁতিত জীৱন সংগ্ৰাম বৃদ্ধ শিল্পী দম্পতীৰ

author img

By

Published : Jul 11, 2020, 2:00 PM IST

বাক্সাৰ এহাল ৬০ৰো উৰ্ধৰ দম্পতী ৷ একালত ভ্ৰাম্যমাণৰ মঞ্চ কঁপাইছিল শিল্পী দম্পতীয়ে ৷ বৰ্তমান আৰ্থিক দুৰৱস্থাই জুৰুলা কৰিছে শিল্পী দম্পতীক ৷ দুয়ো আজি অৱহেলিত, দুয়োৱে পথৰ দাঁতিত এখন পাচলিৰ দোকান দি চলাই আছে জীৱন সংগ্ৰাম ৷

baksha-helpless-artist-family
পথৰ দাঁতিত জীৱন সংগ্ৰাম বৃদ্ধ শিল্পী দম্পতীৰ

বাক্সা,11জুলাইঃ সুদীৰ্ঘ 24 টা বছৰ যাত্ৰা নাট, মিনি থিয়েটাৰ আৰু পেচাদাৰী নাট্যদলত অভিনয় কৰি অভিনেতাৰ পৰিচয় পোৱা দীনেশ ভূঞা আৰু তেওঁৰ কন্ঠশিল্পী পত্নী নমলা ভূঞা ৷

ইফালে তেওঁৰ পত্নী নমলা ভূঞাই 12 বছৰ বয়সৰ পৰাই অভিনয় কৰাৰ লগতে নেপথ্য কন্ঠ শিল্পী ৰূপে বিভিন্ন নাট্য গোষ্ঠীত কন্ঠদান কৰি আহিছে ৷ এতিয়াও স্থানীয় কিবা অনুষ্ঠান হ'লে, সুযোগ পালেই সংগীত পৰিৱেশন কৰে শিল্পীগৰাকীয়ে ৷

কিন্তু বৰ্তমান আৰ্থিক দুৰৱস্থাই জুৰুলা কৰিছে শিল্পী দম্পতীক ৷ ভাড়ালৈ লোৱা এটা জৰাজীৰ্ণ ঘৰত জীৱন কটাইছে শিল্পী দম্পতীয়ে ৷ দুয়ো আজি অৱহেলিত, দুয়োৱে পথৰ দাঁতিত এখন পাচলিৰ দোকান দি চলাই আছে জীৱন সংগ্ৰাম ৷

তেওঁলোকে চৰকাৰীভাৱে আজিলৈকে নাপালে কোনোধৰণৰ সঁহাৰি ৷ আনকি তেওঁলোকে নাজানে কেনেদৰে কৰিব লাগে শিল্পী পেঞ্চনৰ বাবে আৱেদন ৷পেঞ্চনৰ একো আও ভাও বুজি নোপোৱা এতিয়া দুয়ো শিল্পী এলাগী হৈ ৰৈছে এনেদৰে ৷

একমাত্ৰ পুত্ৰ-বোৱাৰীৰ শোচনীয় অৱস্থা হোৱা হেতুকে নিজৰ খৰচ নিজেই এইদৰে বহন কৰে দুয়োগৰাকী শিল্পীয়ে ৷

সম্প্ৰতি লক্ ডাউনে আৰু অধিক বিপন্ন কৰি তুলিছে তেঁওলোকৰ জীৱন যাত্ৰা ৷ প্ৰাপ্য মৰ্যদা আৰু আৰ্থিক সাহাৰ্যৰ পৰা বঞ্চিত এই দুয়োগৰাকীৰ শিল্পীৰ মৰ্মবেদনা কোনোবাই উপলদ্ধি কৰিবনে, নে এনেকৈয়ে আৰ্থিক-অনাটনৰ মাজেৰেই পাৰ হ'ব দুয়োৰে সংগ্ৰামী জীৱন?

লগতে পঢ়কঃঅৱশেষত গোচৰ তৰিলে প্ৰীতি কংগনাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.