ETV Bharat / state

তামুলপুৰৰ ডোঙাৰ গাঁৱত বানাক্ৰান্তৰ মাজত সাহাৰ্য বিতৰণ - বৰনদী

গাঁওখনৰ মাজেৰে সুঁতি সলাই বৰনদী বৈ যোৱাত ইতিমধ্য বহু পৰিয়ালৰ বিঘাই বিঘাই আহু ধানৰ খেতি নৈৰ বুকুত যাহ যোৱাৰ লগতে বাৰীৰ তামোল-নাৰিকলকে ধৰি বহু মূল্যৱান গছ গছনিও যাহ যায় ৷

তামুলপুৰৰ ডোঙাৰ গাঁৱত বানাক্ৰান্তৰ মাজত সাহাৰ্য বিতৰণ

author img

By

Published : Jul 14, 2020, 4:02 PM IST

Updated : Jul 14, 2020, 10:28 PM IST

বাক্সা, 14 জুলাইঃ বাক্সা তামুলপুৰ মহকুমাৰ ভূটান সীমান্তৰ নাগ্ৰিজুলী উন্নয়ণ খণ্ডৰ অধীনস্থ ২ নম্বৰ ডোঙাৰ গাঁৱৰ বানক্ৰান্ত লোক সকলৰ মাজত আজি খাদ্য সামগ্ৰী বিতৰণ কৰে তামুলপুৰৰ বিশিষ্ট সমাজ কৰ্মী মীৰজান আলীয়ে ৷ আজি দিনৰ ভাগত সমাজ কৰ্মী মীৰজান আলিয়ে ২ নম্বৰ ডোঙাৰ গাঁৱত উপস্থিত হৈ ভূটান পাহাৰৰ পৰা বৈ অহা বৰনদীৰ বানত সৰ্বস্বান্ত হোৱা ৫০ টা পৰিয়ালৰ মাজত চাউল,চিৰা,চেনি,বিস্কুট আদি খাদ্য সামগ্ৰী বিতৰণ কৰে ৷

তামুলপুৰৰ ডোঙাৰ গাঁৱত বানাক্ৰান্তৰ মাজত সাহাৰ্য বিতৰণ

উল্লেখ্য যে শেহতীয়া বানত ভূটান পাহাৰৰ পৰা হৈ অহা খৰস্ৰোতা বৰনদীৰ প্ৰৱল সোঁতে সোঁত সলাই ২ নম্বৰ ডোঙাৰ গাঁৱৰ এটা মুৰেৰে বৈ যোৱাত গাঁওখনৰ ১৬ টাকৈ পৰিয়াল ঘৰদুৱাৰ নৈৰ বুকুত যাহ যোৱাৰ লগতে আন কেবাটাও পৰিয়াল ক্ষতি গ্ৰস্ত হয় ৷ বহু পৰিয়ালে নিজৰ সপোনৰ ঘৰ দুৱাৰ ভাঙি আন ঠাইত গৈ আশ্ৰয় ল'ব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ গাঁওখনৰ মাজেৰে সুঁতি সলাই বৰনদী বৈ যোৱাত ইতিমধ্য বহু পৰিয়ালৰ বিঘাই বিঘাই আহু ধানৰ খেতি নৈৰ বুকুত যাহ যোৱাৰ লগতে বাৰীৰ তামোল-নাৰিকলকে ধৰি বহু মূল্যৱান গছ গছনিও যাহ যায় ৷

BAKSHA DUNGAR GAON  FLOOD RELIEF DISTRIBUTION ETV BHARAT NEWS
গাঁওখনৰ মাজেৰে সুঁতি সলাই বৰনদী বৈ গৈছে
আনহাতে তামুলপুৰৰ আন এজন যুৱ সমাজকৰ্মী দয়াল দাসেও ডোঙাৰ গাঁৱৰ বানাক্ৰান্ত লোক সকলৰ খবৰ লোৱাৰ লগতে বানাক্ৰান্ত লোকসকলৰ মাজত খোৱা পানীৰ বটল আৰু বিস্কুট আদি বিতৰণ কৰে ৷লগতে চাওকঃ ভিডিঅ' শ্বেয়াৰ কৰি শক্তি প্ৰদৰ্শন পাইলটৰ নেতৃত্বাধীন কংগ্ৰেছ দলৰ

Last Updated : Jul 14, 2020, 10:28 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.