ETV Bharat / state

বাক্সাত বানৰ সংহাৰ

ৰাজ্যত বানৰ বিভীষিকাৰ বাবে হাহাকাৰ কৰিব লগীয়া হৈছে সাধাৰণ জনতাই ৷ বাক্সা জিলাৰ ৰঙিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত বি টি চিৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ মাদৈকটা, ধোপাৰ গাঁও, বাটাবাৰীৰ গাঁৱৰ কেইবাটাও পৰিয়াল পানীৰ মাজত আবদ্ধ ৷

baksh  flood critical  situation
বাক্সাত বানৰ সংহাৰ
author img

By

Published : Jul 17, 2020, 11:15 AM IST

বাক্সা,17 জুলাইঃ ৰাজ্যত এফালে কৰ'ণা মহামাৰী ত্ৰাস আনফালে বানৰ সংহাৰ ৷ উজনিৰ পৰা নামনিলৈ ইতিমধ্যে দ্বিতীয়টো বানত বহু লোক জুৰুলা হৈছে ৷ তাৰ সমান্তৰালকৈ বাক্সা জিলাৰ ৰঙিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত বি টি চিৰ গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ মাদৈকটা, ধোপাৰ গাঁও, বাটাবাৰীৰ গাঁৱৰ কেইবাটাও পৰিয়াল এতিয়াও পানীৰ মাজত আবদ্ধ হৈ আছে ।

baksh  flood critical  situation
বাক্সাত বানৰ সংহাৰ

জানিব পৰা মতে, পুঠিমাৰী নদীৰ মথাউৰী ভাঙি যোৱাৰ ফলতেই অঞ্চলটোত বানে তাণ্ডৱ চলাইছিল যাৰ বাবে বৰ্তমানেও অঞ্চলবাসীৰ বহিঃবিশ্বৰ সৈতে যোগাযোগ বিছিন্ন হৈ পৰিছে । স্বাভাবিকতে বানৰ সময়ত বানাক্ৰান্ত সকলে বিদ্যালয় গৃহ সমূহত আশ্ৰয় লয় ৷ কিন্তু ৪৪ নং ধোপাৰগাঁও প্ৰাথমিক বিদ্যালয়তো পানী সোমোৱাৰ ফলত বানাক্ৰান্ত লোকসকলে বিভিন্ন ওখ ঠাইত আশ্ৰয় গ্ৰহণ কৰা কৰিব লগা হৈছে ৷

বাক্সাত বানৰ সংহাৰ

আনহাতে বানাক্ৰান্ত সকলৰ অভিযোগ অনুসৰি বন্যাৰ্তৰ খবৰ ল'বলৈ অহা নাই ৰঙিয়া বিধায়ক তথা বি টি চিৰ প্ৰশাসনৰ কোনো লোক । যাৰ বাবে সংবাদমাধ্যমৰ আগত ক্ষোভ উজাৰে বানাক্ৰান্তই ।

লগতে পঢ়কঃ বানত ডুব গৈছে ষ্টেডিয়াম : অনুশীলনৰ পৰা বঞ্চিত খৈলুৱৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.