বৰমা,22মেঃ লক ডাউনৰ ফলত আৰক্ষীৰ, চিকিৎসক আৰু সাংবাদিকৰ সৰ্বাধিক ব্যস্ততা দায়িত্বৰ মাজতে আজি পুৱা এগৰাকী অচিনাক্ত লোকক পানী যুৱলীৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰন কৰা কাৰ্য্যই আৰক্ষীৰ জনসাধাৰনৰ প্ৰতি থকা দায়বদ্ধতাৰ পৰিচয় দাঙি ধৰিলে ৷ বৰমাৰ পুবা চকত দলঙৰ তলৰ জাৱৰৰ দমত মুমুৰ্ষ অৱস্থাত পৰি আছিল এজন অচিনাক্ত লোক ৷
ঘটনাস্থলিত আৰক্ষী আৰু সাংবাদিক উপস্থিত হোৱাৰ পিছতে ওচৰৰ দুই এজন লোক মৃতপ্ৰায় অৱস্থাত থকা লোক জনক চাবলৈ আহে যদিও কোনোৱে লোক জনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়াৰ বাবে আগবাঢ়ি নাহে ৷ পিছত ঘটনাস্থলিত উপস্থিত হোৱা বৰমা আৰক্ষী থানাৰ আৰক্ষী ৰেকিব আলী আৰু স্থানীয় সাংবাদিকে ধ্ৰৱ শৰ্মাই লোক জনক জাৱৰৰ দমৰ পৰা উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰন কৰে ৷ লোক জনৰ পৰিচয় বৰ্তমানলৈ লোকজনৰ পৰিচয় জানিব পৰা নাই ইপিনে খাদ্য সংকটত পৰি দুৰ্বল হৈ লোক জনে পথৰ পৰা পিচলি পৰা বুলি সন্দেহ প্ৰকাশ কৰে স্থানীয় লোকে ৷
লগতে পঢ়কঃ বৰপথাৰত কোভিড-19 ৰোগীৰ চিকিৎসাত নিয়োজিত চিকিৎসকক উষ্ম আদৰণি