ETV Bharat / state

বিটিচি নিৰ্বাচনৰ দাবীত বিটিএডিৰ বিভিন্ন প্ৰান্তত সমদল - শ্ল’গানেৰে সমগ্ৰ মুছলপুৰ উত্তাল

বিটিএডিত ৰাজ্যপালৰ শাসন বলবৎ হৈ থকাৰ সময়তে অঞ্চলটোত নিবাচন অনুষ্ঠিত কৰাৰ দাবীৰে বিপিএফকে ধৰি বিভিন্ন দল সংগঠনে আৰম্ভ কৰিছে এলানি প্ৰতিবাদী কাৰ্যসূচী ৷ বুধবাৰে নিশাও বিটিএডিৰ বিভিন্ন প্ৰান্তত দেখা গ’ল জোৰ সমদলৰ কাৰ্যসূচী ৷

baksa torch rally dimand btc election held
বিটিচি নিৰ্বাচনৰ দাবীত বিটিএডিৰ বিভিন্ন প্ৰান্তত সমদল
author img

By

Published : Oct 1, 2020, 7:20 AM IST

বৰমা, 1অক্টোবৰ: বাক্সা জিলাৰ ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিত জোৰ সমদলেৰে প্ৰতিবাদী কাৰ্যসূচী ৷ বিটিএডিত ৰাজ্যপালৰ শাসন বলবৎ হৈ থকাৰ সময়তে অঞ্চলটোত নিবাচন অনুষ্ঠিত কৰাৰ দাবীৰে বিপিএফৰ কৰ্মী সকলে বুধবাৰে নিশা জোৰ সমদলেৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷ জোৰ সমদলৰ এই প্ৰতিবাদত ভাগ ল’লে দিহিৰা সমষ্টিৰ প্ৰাৰ্থী ৰাজু বড়ালেও ৷ ইফালে ২৪ নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী অনসুমৈ শুংগুৰ বড়োৱে সমষ্টিটোৰ এটা ব্লক কাৰ্য্যালয়ৰ পৰা জোৰ সমদল উলিয়াই ৰূপায়ন কৰে এই কাৰ্যসূচী ৷

উল্লেখযোগ্য যে, শীঘ্ৰে বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীৰে বিটিএডিৰ বিভিন্ন প্ৰান্তত এনেদৰে জোৰ সমদল উলিয়াই এলানি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিছে বিপিএফ দলে ৷ মুছলপুৰৰ বিপিএফৰ ব্লক কাৰ্যালয়ৰ পৰা কেইবা শতাধিক বিপিএফ নেতা কৰ্মীয়ে জোৰ সমদলৰ জৰিয়তে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ শীঘ্ৰে বিটিচি নিৰ্বাচন অনুষ্ঠিত কৰক, বিপিএফ লং লিভ, হাগ্ৰামা মহিলাৰী জিন্দাবাদ, নৌ ইলেকচন নৌ ৰেষ্ট আদি শ্ল’গানেৰে উত্তাল কৰি তোলে সমগ্ৰ মুছলপুৰ ৷

বিটিচি নিৰ্বাচনৰ দাবীত বিটিএডিৰ বিভিন্ন প্ৰান্তত সমদল

ইপিনে ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ৰাজু বড়ালে সমদলত অংশগ্ৰহণ কৰি কয় যে, যদি ৰাজস্থানত পঞ্চায়ত নিৰ্বাচন, বিহাৰত বিধান সভা নিৰ্বাচন হ’ব পাৰে, তেনেহলে বিটিএডিৰ চাৰিখন জিলাত কিয় নিৰ্বাচন হ’ব নোৱাৰে ? প্ৰাৰ্থী গৰাকীয়ে বিটিএডি শীঘ্ৰে নিৰ্বাচন অনুষ্ঠিত কৰি বিটিএডিৰ উন্নয়ন ক্ষীপ্ৰতৰ কৰিবলৈ আহ্বান জনালে চৰকাৰক ৷

লগতে পঢ়কঃ মালিগাঁৱত তিনিটাকৈ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.