বাক্সা,19নৱেম্বৰ: বৃহস্পতিবাৰে বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত লাউপাৰাত তামুলপুৰ -নাগ্ৰীজুলি পথত সংঘটিত হয় এক পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাটোত এজন যুৱক থিতাতে নিহত হোৱাৰ উপৰিও আন এজন যুৱক গুৰুতৰ ভাৱে আহত হয় । নিহত যুৱকজন শুৱলা চাহ বাগিচাৰ কৰ্মী ২৯ বছৰীয়া সঞ্জয় প্ৰসাদ আৰু আহত যুৱক জন হৈছে ২৪ বছৰীয়া বিশ্বজিৎ কুর্মী ।

অন্য এজন যুৱকৰ বাবে: কামাখ্যা মন্দিৰৰ সোণৰ চূড়া দৰ্শনাৰ্থীৰ বাবে মুকলি
প্ৰাপ্ত তথ্য অনুসৰি,আজি পুৱা শুৱলা চাহ বাগিচাৰ পৰা এখন মটৰ চাইকেলেৰে সঞ্জয় আৰু বিশ্বজিতে চাহ বাগিচাৰ কাৰ্যালয়ৰ কামত নাগ্ৰীজুলি-তামুলপুৰ পথেৰে ৰঙিয়ালৈ আহি আছিল ৷ ইয়াৰ পাচতে যুৱক দুজনে লাউপাৰা অঞ্চলত ৰৈ থকা এখন ডাম্পাৰত প্ৰচণ্ড জোৰেৰে খুন্দা মাৰে আৰু মটৰ চাইকেলেৰ সৈতে দুই যুৱক পথৰ ওপৰত চিটিকি পৰে । দুৰ্ঘটনাটোৰ ফলত সঞ্জয় প্ৰসাদ নামৰ যুৱকজন থিতাতে নিহত হয় আৰু বিশ্বজিৎ কুর্মী গুৰুতৰভাৱে আহত হয় ।

ইফালে,নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া কৈলাস মালাকাৰৰ নেতৃত্বত আৰক্ষীৰ এটি দল ঘটনাস্থলীত উপস্থিত হয় ৷ আৰক্ষীৰ দলটোৱে সঞ্জয় প্ৰসাদৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে গুৰুতৰ ভাৱে আহত বিশ্বজিৎ কুর্মীক উদ্ধাৰ কৰি আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত প্ৰথমে নাগ্ৰীজুলি আদৰ্শ চিকিৎসালয়লৈ লৈ যায় । প্ৰাথমিক চিকিৎসা প্ৰদান কৰাৰ পিছত গুৰুতৰভাৱে আহত বিশ্বজিতক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয় ।

অন্য এজন যুৱকৰ বাবে: কলগাছিয়াত মহিলাৰ বিকাশৰ বাবে কৰ্মশালা