ETV Bharat / state

বিটিচি নিৰ্বাচনত 25খন আসনেৰে চৰকাৰ গঠন কৰিব নৱ শৰণীয়াই

author img

By

Published : Jun 23, 2020, 9:39 PM IST

আগন্তুক বিটিচি নিৰ্বাচনত 25খন আসন লৈ চৰকাৰ গঠন কৰিব নৱ কুমাৰ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টী অসমে ৷ বাক্সাত এক সংবাদমেলৰ জৰিয়তে এই কথা ঘোষণা কৰিছে দলটোৱে ৷

বিটিচি নিৰ্বাচনত 25খন আসনেৰে চৰকাৰ গঠন কৰিব নৱ শৰনীয়াই

বৰমা, 23 জুন : আগন্তুক বিটিচি নিৰ্বাচনত 25খন আসন লৈ চৰকাৰ গঠন কৰিব নৱ কুমাৰ শৰণীয়াৰ গণ সুৰক্ষা পাৰ্টী অসমে ৷ সমাগত বিটিচি পৰিষদীয় নিৰ্বাচনত 25 খন আসন লাভ কৰি বিটিচি দখল কৰাৰ কথা উল্লেখ কৰিছে সাংসদ নৱ কুমাৰ শৰণীয়াই ৷

বাক্সা জিলাৰ বৰমাৰ গণ সুৰক্ষা পাৰ্টী অসমৰ মুখ্য কাৰ্যালয়ত মংগলবাৰে অনুষ্ঠিত এক কৰ্মীসভাত অংশগ্ৰহণ কৰি সাংসদ নৱ কুমাৰ শৰণীয়াই বিটিচিত অৱড়ো লোকসকলে হেৰুওৱা অধিকাৰ আদায় কৰাৰ ক্ষেত্ৰত প্ৰতিজন নাগৰিকৰে সচেতনতাৰ অভাৱ আছে বুলি কয় ৷ তেওঁলোকৰ সচেতনতাক ঘুৰাই অনাৰ স্বাৰ্থত গণ সুৰক্ষা পাৰ্টী, অসমৰ কৰ্মীসকলক লৈ এই সভা অনুষ্ঠিত কৰা হৈছে বুলি উল্লেখ কৰে সাংসদ শৰণীয়াই ৷ সাংসদগৰাকীয়ে বিজেপিয়ে 2ৰ পৰা 7খন আৰু বিপিএফে 2 বা 3খন আসন পাব বুলি মন্তব্য কৰে ৷

লগতে পঢ়কঃ আগন্তুক বিটিচি নিৰ্বাচনত কংগ্ৰেছে গঠন কৰিব চৰকাৰঃ আব্দুৰ ৰহিম খান

আনহাতে প্ৰমোদ বড়োক আক্ৰমণৰ লক্ষ্য কৰি লৈ ৰত্নাকৰৰ পৰা বাল্মিকী হ'ব বিচৰা ইউপিপিএৰ সভাপতিগৰাকীয়ে এইবেলি বিটিচিৰ চীফ হোৱাৰ যি অলিক কল্পনা সেই আশা পূৰণ নহ'ব বুলি মন্তব্য কৰে শৰণীয়াই ৷ 2025 চনত হয়তো তেওঁ বিটিচি চীফ হ'ব বুলি প্ৰমোদ বড়োক সমালোচনা কৰে সাংসদ নৱ কুমাৰ শৰণীয়াই ৷ 24নং মুছলপুৰ পৰিষদীয় সমষ্টিৰ পৰা বিটিচি নিৰ্বাচনত অৱতীৰ্ণ হোৱা ইউপিপিএলৰ প্ৰাৰ্থী ৰাকেশ ব্ৰহ্মই পথ নিৰ্মাণকে ধৰি বিভিন্ন দুৰ্নীতিত লিপ্ত হৈ পাপ কাম কৰা বুলিও কটাক্ষ কৰে সাংসদগৰাকীয়ে ৷ আনহাতে গণ সুৰক্ষা প্ৰাৰ্থী, অসমে বিটিচি দখল কৰিলে প্ৰতিজন নেতাই আয়-ব্যয়ৰ হিচাপ দিব লাগিব অন্যথা দলৰ পৰা বহিষ্কাৰ হ'ব লাগিব বুলি কয় সাংসদ গৰাকীয়ে ৷

বিটিচি নিৰ্বাচনত সন্দৰ্ভত সাংসদ নৱ কুমাৰ শৰনীয়া

ইফালে বিপিএফৰ নেতা হাগ্ৰামা মহিলাৰীক বলিৰ পঠা সজাই একাংশ কাৰ্যবাহী সদস্য, সাধাৰণ সদস্য বা নেতা, পালিনেতাই দুৰ্নীতিৰ পাহাৰ গঢ়া বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে সাংসদগৰাকীয়ে ৷ দুৰ্নীতিৰ কথা স্বীকাৰ নকৰিলে বিপিএফৰ বহু নেতাই জেলৰ ভাত খাব লাগিব বুলি কয় সাংসদ শৰণীয়াই ৷ বিটিচি নিৰ্বাচনৰ পাচত বিটিএডিত বিপিএফ নিশ্চিহ্ন হ'ব বুলি কোৱাৰ লগতে ইউপিপিএলৰ নেতাসকলে বিজেপিত যোগদান কৰিব লাগিব বুলি কয় তেওঁ ৷ সাংসদগৰাকীয়ে এইবাৰ বিটিচিত গণ সুৰক্ষা পাৰ্টীয়ে চৰকাৰ গঠন কৰাৰ লগতে বিটিচি চীফ সাংসদগৰাকীয়ে নিজে হ'ব বুলি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়কঃ আমাৰ লক্ষ্য বিটিচি নিৰ্বাচন আৰু পৰৱৰ্তী সময়ত 2021 নিৰ্বাচন : দুৰ্গাদাস বড়ো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.