ETV Bharat / state

ইউপিপিএলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদকৰ বাসগৃহত গুলীচালনা দুৰ্বৃত্তৰ

ইউপিপিএলৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয়ৰ সম্পাদক কাডেছ মুছাহাৰীৰ বাসগৃহৰ সন্মুখত সংঘটিত হয় গুলীচালনাৰ ঘটনা ৷ কোনো ৰাজনৈতিক ষড়যন্ত্ৰৰ ঘটনা হ'ব পাৰে বুলি মন্তব্য কৰে কাডেছ মুছাহাৰীৰ ।

author img

By

Published : May 22, 2021, 5:04 PM IST

ইউপিপিএলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদকৰ বাসগৃহত গুলীচালনা দুৰ্বৃত্তৰ
ইউপিপিএলৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদকৰ বাসগৃহত গুলীচালনা দুৰ্বৃত্তৰ

বাক্সা, ২২ মে': ক'ভিড সৃষ্ট পৰিৱেশ নিয়ন্ত্ৰণৰ বাবে চলি থকা সান্ধ্য আইনৰ মাজতে তামুলপুৰৰ ভাৰত-ভূটান সীমান্তৰ পাটকিজুলীৰ কালাঝাৰ গাঁৱত শুকুৰবাৰে নিশা সংঘটিত হয় এক গুলীচালনাৰ ঘটনা ৷ ইউপিপিএলৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যালয়ৰ সম্পাদক কাডেছ মুছাহাৰীৰ বাসগৃহৰ সন্মুখত কোনো দুৰ্বৃত্তই শূন্যলৈ গুলীচালনা কৰে । যাৰ ফলত অঞ্চলটোত সৃষ্টি হয় চাঞ্চল্যৰ ৷

নিশা প্ৰায় ৯ বজাত সংঘটিত হয় এই গুলিচালনাৰ ঘটনাটো । কোনো ৰাজনৈতিক ষড়যন্ত্ৰৰ ঘটনা হ'ব পাৰে বুলি মন্তব্য কৰে কাডেছ মুছাহাৰীয়ে । এই ঘটনাটো সংঘটিত হোৱাৰ পাচতে তামুলপুৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা দলসহ দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় ৷

ইপিনে, পুৱাই কাডেছ মুছাহাৰীৰ বাসগৃহত উপস্থিত হয় বিটিআৰৰ অধ্যক্ষ কাতিৰাম বড়ো সহ জিলা পৰ্যায়ৰ বহু নেতা-কর্মী । বৰ্তমান সময়তো বিটিআৰত অস্ত্ৰৰ ব্যৱহাৰ হোৱাটো দুৰ্ভাগ্যজনক বুলি মন্তব্য কৰে ইউপিপিএলৰ নেতা তথা কৰ্মী সকলে ৷

অন্য এক খবৰৰ বাবে: নগাঁৱত বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গ'ল এজনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.