বাক্সা, ২৭ মে’: উন্নয়ন্ন আৰু পৰিৱৰ্তনৰ শ্ল’গান দিয়া চকাৰৰখনৰ অভিলাষী আঁচনিয়ে প্ৰকৃতাৰ্থত এতিয়াও ঢুকি পোৱা নাই গ্ৰামাঞ্চলৰ দৰিদ্ৰ জনসাধাৰণক । বাক্সা জিলাৰ গোৰেশ্বৰ উন্নয়ন খণ্ডৰ অন্তুৰ্গত মহৰিপাৰা ভিচিডিচিৰ কাড়িপাৰা গাঁৱৰ এটি দৰিদ্ৰ পৰিয়ালে আজিলৈ নাপালে কোনো ধৰণৰ চৰকাৰী আঁচনি ।
এটি ভগ্ন তথা জৰাজীৰ্ণ জুপুৰীত দীৰ্ঘদিন ধৰি বাস কৰি আছে অমূল্য কুমাৰ নামৰ লোকজনৰ পৰিয়ালে । বিগত সময়চোৱাত কোনো ধৰণৰ চৰকাৰী সা-সুবিধা লাভ কৰিবলৈ সক্ষম নহ'ল এই পৰিয়ালটোৱে । দৰিদ্ৰ পৰিয়ালৰ বাবে চৰকাৰে ৰূপায়ন কৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ, উজ্বলা আঁচনিৰ ৰন্ধন গেছকে আদি কৰি কোনো এখন আঁচনিয়ে ঢুকি নাপাপে পৰিয়ালটোক ।
এগৰাকী বিশেষভাৱে সক্ষম ছোৱালীয়ে অমূল্য কুমাৰ আৰু পুৱলী কুমাৰ নামৰ এই বৃদ্ধ দাম্পত্তিক চ’কে-বজাৰে ভিক্ষা কৰি পৰিয়াল পোহপাল দি আছিল ক’ভিডৰ নতুন নীতি নিৰ্দেশনাৰ বাবে বন্ধ হৈ পৰিল সকলো উপাৰ্জন । সম্প্ৰতি এমুঠি ভাতৰ বাবেও হাহাকাৰ কৰিবলগীয়া হৈছ পৰিয়ালটোৱে ।
আদৰ্শ বড়োলেণ্ডৰ শ্ল’গান দি হাগ্ৰামা মহিলাৰীৰ ১৭ বছৰীয়া শাসনকালত কেৱল উৎকোচ দিব নোৱাৰাৰ বাবেই কোনো ধৰণৰ চৰকাৰী সা-সুবিধা লাভ নকৰা পৰিয়ালটোক নৱ-গঠিত বিটিআৰ চৰকাৰ তথা অসম চৰকাৰৰ জনপ্ৰতিনিধি সকলক গুৰুত্ব প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালটোৰ লগতে স্থানীয় ৰাইজে ৷
লগতে পঢ়ক : শান্তি নিৱাস বৃদ্ধাশ্ৰমলৈ কিয় আহিল বিধায়ক জয়ন্ত মল্ল বৰুৱা ?