ETV Bharat / state

বাক্সাৰ বাগানপাৰাত ইউ পি পি এল দলত যোগদান বি পি এফ নেতাৰ - নিৰ্বাচনী প্ৰচাৰ

পৰিষদীয় নিৰ্বাচনৰ দিন পিছুৱাই দিয়াৰ পিছতো বি টি এ ডিত নিৰ্বাচনৰ প্ৰস্তুতি তুংগত। মঙলবাৰে বাগানপাৰা পৰিষদীয় সমষ্টিৰ নয়াবস্তিত বি পি এফকে ধৰি বিভিন্ন দলৰ শতাধিক কৰ্মীয়ে ইউ পি পি এলত যোগদান কৰে ।

ইউ পি পি এল দলত যোগদান বি পি এফ নেতা বিনোদ ৰামছিয়াৰীৰ

author img

By

Published : Sep 30, 2020, 11:45 AM IST

বাক্সা, 30 ছেপ্টেম্বৰ : কৰ'ণা মহামাৰীৰ ভয়াৱহ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্য বিভাগে নিৰ্ধাৰণ কৰি দিয়া সকলো স্বাস্থ্যবিধি অসাৰ প্ৰতিপন্ন হৈছে বি টি এডিত । পৰিষদীয় নিৰ্বাচনৰ দিন পিছুৱাই দিয়াৰ পিছতো নিৰ্বাচনী প্ৰচাৰ অভিযানৰ পৰা পিছহুহকি যোৱা নাই ৰাজনৈতিক নেতা-কৰ্মীয়ে ।

চৰকাৰৰ নিৰ্দেশক আওকাণ কৰি ৰাজনৈতিক দলে অব্যাহত ৰাখিছে নিৰ্বাচনী প্ৰচাৰ অভিযান । মঙলবাৰে ২৫ নং বাগানপাৰা পৰিষদীয় সমষ্টিৰ নয়াবস্তিত বি পি এফ নেতা বিনোদ ৰামছিয়াৰীসহ ধৰি বিভিন্ন দলৰ শতাধিক কৰ্মীয়ে ইউ পি পি এলত যোগদান কৰে । এই কথা প্ৰকাশ কৰে ইউ পি পি এল দলৰ প্ৰাৰ্থী কাতিৰাম বড়োৱে ।

লগতে পঢ়ক : শিৱসাগৰত আটক তিনি গভাইত চোৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.