বৰমা,৫ আগষ্টঃ বাক্সা জিলাৰ সুৱণখাটা সোনাপুৰ গাঁৱৰ হৰিচৰন হালৈ নামৰ যুৱক এজন ১২ দিনে নিৰুদ্দেশ হৈ আছে। জানিব পৰা মতে যুৱকজন অসুস্থ হোৱাৰ বাবে দেউতাকে গুৱাহাটীৰ উজান বজাৰস্থিত মনোৰোগ বিশেষজ্ঞৰ ক্লিনিকলৈ লৈ গৈছিল। যুৱকজনে কিবা খাবলৈ যাম বুলি দেউতাকৰ পৰা পইচা লৈ বাহিৰলৈ ওলাই যোৱাৰ পিচৰ পৰাই যুৱকজন আৰু ক্লিনিকলৈ ঘূৰি নাহিল । বিশেষভাৱে সক্ষম দেউতাকে ইফাল সিফালে খবৰ কৰে যদিও পুত্ৰৰ সন্ধান লাভ কৰিবলৈ সক্ষম নহ'ল ।
নিৰুদিষ্ট পুত্ৰৰ বেজাৰত পিতৃ মাতৃয়ে খোৱা বোৱা এৰি কেৱল পুত্ৰৰ চিন্তাত নিগৰাইছে বিষাদৰ চকুলো ৷ বিশেষভাৱে সক্ষম দেউতাক মালিকান্ত হালৈ আৰু মাতৃ সৰোজিনী হালৈয়ে এতিয়া মাথো পুত্ৰ ঘৰলৈ ঘূৰি অহালৈ বাট চাই আছে। যদি কোনোবা সদাশয় লোকে যুৱকজনৰ সন্ধান লাভ কৰে পৰিয়ালৰ লোকে এই 6002050639 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে। যুৱকজনৰ পিতৃ মাতৃয়ে জানিবলৈ দিয়া মতে ১২ দিন পূৰ্বে গুৱাহাটীৰ ব্যক্তিগত নাৰ্ছিংহোমৰ পৰাও নিৰুদ্দেশ হৈছিল যুৱকজন ৷