ETV Bharat / state

বাক্সাৰ মুছলপুৰত বাথৌ পূজা উদযাপন

author img

By

Published : Jan 26, 2021, 6:43 PM IST

Updated : Jan 26, 2021, 7:14 PM IST

বাক্সাৰ মুছলপুৰৰ বাথৌপফুৰীত বড়ো সকলৰ ৪৭ সংখ্যক ধৰ্মীয় উৎসৱ বাথৌ পূজা মেলা উদযাপন ৷ মঙলবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন বাথৌ পূজা ৷ পূজাৰ দ্বাৰ বিটিচি পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োই উদ্বোধন কৰে ৷

baksa_bathu_puja
বাক্সাৰ মুছলপুৰত বাথৌ পূজা উদযাপন

বাক্সা, 26 জানুৱাৰী : মঙলবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে বাক্সাৰ মুছলপুৰত আৰম্ভ হৈছে বড়ো সকলৰ ধৰ্মীয় উৎসৱ বাথৌ পূজা ৷ কেন্দ্ৰীয় ভাৱে বাক্সা জিলাৰ সদৰ মুছলপুৰৰ বাথৌপফুৰীত বড়ো সকলৰ ৪৭ সংখ্যক ধৰ্মীয় উৎসৱ বাথৌ পূজা মেলা উদযাপন কৰা হয় ৷

baksa_bathu_puja
বাক্সাৰ মুছলপুৰত বাথৌ পূজা উদযাপন

বড়ো সকলৰ এই বাথৌ পূজা প্ৰতি বছৰে মাঘৰ দ্বিতীয় মঙলবাৰে অতি ধুম-ধামেৰে উদযাপন কৰা হয় ৷ বাথৌ হৈছে বড়ো জনগোষ্ঠীৰ ঘাই দেৱতা । লোক বিশ্বাস অনুসৰি, হিন্দু ধৰ্মত লৌকিক দেৱতাৰূপে শিৱৰ যি ধাৰণা তাৰে সৈতে বড়ো লোকদেৱতা বাথৌৰ সাদৃশ্য আছে ।

উল্লেখ্য যে, বছৰত দুবাৰকৈ এই পূজা অনুষ্ঠিত কৰা হয় ৷

বাক্সাৰ মুছলপুৰত বাথৌ পূজা উদযাপন

মঙলবাৰে পুৱাৰ ভাগত বাক্সাৰ মুছলপুৰত অনুষ্ঠিত হোৱা এই বাথৌ পূজাৰ দ্বাৰ বিটিচি পৰিষদৰ অধ্যক্ষ কাতিৰাম বড়োই উদ্বোধন কৰে ৷ ইয়াৰ পিছতেই বাৰখন গাঁৱৰ প্ৰতিগৰাকী সভাপতিয়ে বাৰখন ধৰ্মীয় পতাকা উত্তোলন কৰে ৷ শ্বহীদ তৰ্পণৰ পাছতেই ৰভাৰ মঞ্চ মুকলি কৰে চাপাগুৰি সমষ্টিৰ বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে ৷ তাৰে পৰৱৰ্তী পৰ্যায়ত বাথৌ মন্দিৰ মুকলি, বাণিজ্য মেলা মুকলি কৰি বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হয় ৷

উল্লেখ্য যে, এই বাথৌ পূজাৰ জৰিয়তে সকলোৰে মাজত শান্তি-সম্প্ৰতি অতুত ৰখাই ইয়াৰ মূল উদ্দেশ্য ৷

লগতে পঢ়ক : দেশজুৰি পুনৰ ঘোষণা হ‘ব পাৰে লকডাউন !

Last Updated : Jan 26, 2021, 7:14 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.